/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/5af058bc-63e0-48ab-b9df-8fc5a328c4e6/6.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰক্ত দান,জীৱন দান এই উদ্দেশ্যলৈ কোকৰাঝাৰৰ লায়ন্স ক্লাৱ গ্ৰেটাৰে বুধবাৰে বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত বৃহৎ ৰক্ত দান শিবিৰৰ আয়োজন কৰে ৷ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ সহযোগত আৰু লায়ন্স ক্লাৱ গ্ৰেটাৰ, কোকৰাঝাৰৰ উদ্যোগত বৃহৎ ৰক্ত দান শিৱিৰ অনুষ্ঠিত হয় ৷
কোকৰাঝাৰৰ লায়ন্স ক্লাৱ গ্ৰেটাৰৰ সভাপতি ৰাজু বৰ্মন, উপ-সভাপতি ডাঃ জুনেকাৰ আলি আৰু সঞ্জয় তিৱাৰীৰ নেতৃত্বত আজি অনুষ্ঠিত হোৱা বৃহৎ ৰক্ত দান শিবিৰত ইঞ্জিনীয়াৰিং কলেজৰ অধ্যক্ষ ড° কে ব্ৰহ্মকে ধৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰক্ত দান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/15449324-4f11-4218-982f-c3bebfb55d44/WhatsApp_Image_2024_02_07_at_7_36_21_PM.jpeg)
আজি সৰ্বমুঠ ৩৫ ইউনিট ৰক্ত সংগ্ৰহ কৰা হয় ৷ ৰক্ত দান শিৱিৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ইঞ্জিনিয়াৰিং কলেজৰ অধ্যক্ষ ড° কে ব্ৰহ্ম আৰু লায়ন্স ক্লাৱৰ সভাপতি ৰাজু বৰ্মনে ৷ উক্ত অনুষ্ঠানত লায়ন্স ক্লাৱ কোকৰাঝাৰ গ্ৰেটাৰৰ প্ৰতিষ্ঠাপক সভাপতি মোহিত নাহাটা, সাধাৰণ সম্পাদক প্ৰাণেশ দেৱনাথকে ধৰি কেবাগৰাকী সদস্যই অংশগ্ৰহণ কৰে ৷ সংগ্ৰহ কৰা ৩৫ ইউনিত ৰক্ত কোকৰাঝাৰৰ ব্লাড বেংকত জমা দিয়াৰ লগতে ৰক্তদান কৰা সকলোকে লায়ন্স ক্লাৱে একোখনকৈ মানপত্ৰ প্ৰদান কৰে ৷
Also Read: সদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানী প্ৰসংগ উত্থাপন