সদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানী প্ৰসংগ উত্থাপন

৫ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন।

author-image
Asomiya Pratidin
New Update
সদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানী প্ৰসংগ উত্থাপন

ডিজিটেল ডেস্কঃ ৫ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন।  ১৪ দিনীয়া অধিৱেশনত দাখিল কৰিব প্ৰায় ১২খন বিধেয়ক। ১২ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২৪ বৰ্ষৰ ৰাজ্যিক বাজেট ।

Advertisment

বুধবাৰে বিধানসভাৰ বাজেট অধিৱেশনত এগৰাকীয় সদস্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বানপানী প্ৰসংগত কৰা প্ৰশ্নত মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বানপানী বিষয়টোত জল সম্পদ বিভাগ প্ৰত্যক্ষভাৱে জড়িত নহয়। তৎস্বতেও দুবছৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰীকাই বিশ্ববিদ্যালয়খনৰ কৃত্ৰিম বানপানী সমস্যাৰ বুজ লৈছিল। উক্ত বছৰৰ লগতে বিগত বছৰো নলা খান্দি কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই বৰ্ষত কৃত্ৰিম বান পানী সমস্যাৰ সমাধানৰ বাবে ১৫ কোটি টকাৰ আবণ্টন দিয়াৰ কথা সদনত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। উক্ত পুঁজিৰে ইতিমধ্যে কাম আৰম্ভ হোৱাৰ পথত বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। বিগত বৰ্ষলৈকে অস্থায়ীভাৱে বানপানী নিষ্কাশনৰ কাম কৰি থকা হৈছিল বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

দিপৰ বিলৰ পানী প্ৰদূষিত হোৱা সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নত মন্ত্ৰী পীযুষ হাজৰীকাই সদনত মন্তব্য আগবঢ়ায়। মূলতঃ দিপৰ বিলত যিমান পাৰি পানী সোমোৱাটো লক্ষ্য ৰখাৰ লগতে বিধায়কগৰাকীৰ পৰামৰ্শৰো বিবেচনা কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

Also Read: বোকাখাট আঞ্চলিক ছাত্র সন্থাৰ সমূহীয়া পদত্যাগ

budget session assam assembly pijush hazarika Budget session.