/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/59b659f0-98ba-43f0-95d8-083004681e41/pnrd.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: অৱশেষত গা লৰিল ঢকুৱাখনা গ্ৰামোন্নয়ন বিভাগৰ। চৰকাৰী অৱহেলা আৰু অপ্ৰাপ্তিৰ দীর্ঘ দিনীয়া পঞ্জীভুত ক্ষোভ বেদনাৰ বৰ্হি প্ৰকাশ ঘটাই ঢকুৱাখনাৰ এগৰাকী দৰিদ্ৰ কিশোৰীয়ে কৰা এক 'ফেচবুক লাইভ'ৰ পৰৱৰ্তী সময়ত উন্মোচিত হৈছে গ্ৰামোন্নয়ন আঁচনিৰ নামত ঢকুৱাখনা উন্নয়ন খণ্ডত সংঘটিত নগ্ন বেহাখন।
পশ্চিম ঢকুৱাখনা পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্তনৰ বেলিকা অব্যাহত থকা কমিচনৰাজ সন্দৰ্ভত বৃদ্ধা বগী দত্তই কৰা মহা বিস্ফোৰণ অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ হোৱাৰ পাছতেই মঙ্গলবাৰে সন্ধিয়া অভিযোগকাৰী দৰিদ্ৰ পৰিয়ালটোৰ মাজত উপস্থিত হয় ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/fe6ed87a-9634-49b2-a70e-c228894a31f6/e87906c5_4b06_47d0_a8cf_e412f6b8d523.jpg)
দৰিদ্ৰ বগী দত্তৰ ঘৰত উপস্থিত হোৱা বিষয়াগৰাকীক স্থানীয় ৰাইজে ৪ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য তৰুণ শইকীয়া আৰু মধ্যভোগী নিৰু দত্তৰ ওপৰত আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ দাবী জনায়। কি দৰে ধনৱন্ত পৰিয়ালে পি এম এ ৱাই (জি) আঁচনি লাভ কৰিব পাৰে সেয়া তদন্ত কৰাৰ আহ্বান জনায়।
খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে নিশ্চিতভাবে এই উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্ত কৰিব বুলি আশ্বাস দিয়ে ৰাইজক । লগতে দৰিদ্ৰ পৰিয়াল বগী দত্তক অগ্ৰাধিকাৰ ভিত্তিত চৰকাৰী আৱাস গৃহৰ লাভৰ সুবিধা প্ৰদান কৰিব বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়া বুলি ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/10c95f92-0b66-42a5-a4fd-1c93d4e5e4a2/f1fbbfcd_ef3a_4ebc_909f_3e0949d35cb3.jpg)
এটা দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালৰ এগৰাকী কিশোৰীয়ে নিজৰ দুৰৱস্থাৰ সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰ কৰা আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত ঢকুৱাখনাৰ গ্ৰামোন্নয়ন বিষয়া গৰাকী দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত উপস্থিত হোৱা কাৰ্য্যই বিষয়াগৰাকীৰ মহানুভৱতা প্ৰকাশ কৰাৰ লগতে দৰিদ্ৰ পৰিয়ালটোলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।
আৰু পঢ়কঃ শীৰ্ষত টীম ইণ্ডিয়া, ক্ৰমাগত দ্বিতীয়টো শৃংখলা দখল ৰোহিত বাহিনীৰ