আমছুৰ উদ্যোগত বটদ্ৰৱাৰ উচ্ছেদিত দুখীয়া পৰিয়ালৰ মাজত কম্বল বিতৰণ

ৰাজ্যত এতিয়া নামি আহিছে পুহ মাহৰ প্ৰচণ্ড শীত। এই হাড় কঁপোৱা জাৰৰ সময়ত দুখীয়া নিচলা উচ্ছেদিত লোক সকলৰ গৰম কাপোৰৰ অভাৱত জীৱন যাপন কষ্টকৰ হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
আমছুৰ উদ্যোগত বটদ্ৰৱাৰ উচ্ছেদিত দুখীয়া পৰিয়ালৰ মাজত কম্বল বিতৰণ

ডিজিটেল সংবাদ, বটদ্ৰৱা: ৰাজ্যত এতিয়া নামি আহিছে পুহ মাহৰ প্ৰচণ্ড শীত। এই হাড় কঁপোৱা জাৰৰ সময়ত দুখীয়া নিচলা উচ্ছেদিত লোক সকলৰ গৰম কাপোৰৰ অভাৱত জীৱন যাপন কষ্টকৰ হৈ পৰিছে। যাৰ পৰিপেক্ষিতত সোমবাৰে এই দৰিদ্ৰ লোক সকলৰ কাষত ঠিয় দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা।

Advertisment

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামৰ নেতৃত্বত আজি বটদ্ৰৱাৰ হাইডুবিৰ উচ্ছেদিত দুখীয়া পৰিয়াল সমূহৰ মাজত কম্বল বিতৰণ কৰা হয়। সাধাৰণ সম্পাদক মিন্নাতুল ইছলামৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মোশ্বাৰফ হুছেইন কবিৰ, নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল নুৰ, আদি কৰি আমছুৰ সদস্যসকল আজি বিয়লি উচ্ছেদিত লোকসকলৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ শতাধিক দৰিদ্ৰ পৰিয়ালক একোখনকৈ উন্নত মানৰ কম্বল বিতৰণ কৰে। হাইডুবিৰ উচ্ছেদিত দুখীয়া পৰিয়ালৰ লোক সকলে আমছুৰ পৰা কম্বল সমূহ গ্ৰহন কৰি, তেওলোকৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

আৰু পঢ়ক: পৰ্যটনস্থলীলৈ পৰিণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মগাঁও বিন্ধাকটা

batadrava assam