/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fc243a60-01bb-46cf-9f28-5d1cbd2094b3/AP_FOR_WEB_afspa.jpg)
নৱেম্বৰত অসমৰ পৰা সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ হ'ব ক'লা আইন AFSPA !
ডিজিটেল ডেস্কঃ অসমৰ পৰা সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ হ'ব সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন ! ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে যাৱতীয় কাম-কাজ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ সময়ত এই আইনখন অসমৰ পৰা সম্পূৰ্ণ ৰূপে প্ৰত্যাহাৰ কৰাটো ৰাজ্য চৰকাৰৰ পৰৱৰ্তী লক্ষ্য হিচাপে ঘোষণা কৰাৰ পাছত আজি পুনৰবাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে এই বিষয়ে মন্তব্য কৰিছে।
আজি টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নৱেম্বৰ মাহৰ পৰা অসমৰ পৰা সম্পূৰ্ণ ৰূপে AFSPA প্ৰত্যাহাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা ৰাজ্যৰ বিভিন্ন বিদ্ৰোহী তথা সন্ত্ৰাসবাদী সংগঠনসমূহ মূল সুঁতিলৈ ঘূৰি অহাৰ লগতে শান্তি প্ৰক্ৰিয়াত চামিল হৈছে।
আলফাৰ সৈতেও শান্তি আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত আছে। অৱশ্যে এতিয়াও হাবিত থকা আলফা (স্বাধীন) এই শান্তি প্ৰক্ৰিয়াৰ অংশ হোৱা নাই যদিও পৰেশ বৰুৱাই শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাই নহয় পূৰ্বতকৈ কিছু নৰম স্থিতি গ্ৰহণ কৰিছে।
এনে এক পৰিস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এতিয়া শান্তিৰ বাতাবৰণে বিৰাজ কৰিছে বুলি মন্তব্য কৰি আহিছে। আনহাতে শেহতীয়াকৈ যোৱা ৩১ মাৰ্চত দিল্লীত অনুষ্ঠিত হোৱা গৃহ বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অসমকে ধৰি উত্তৰাপূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত AFSPA ৰ অধীনৰ এলেকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
এই সিদ্ধান্তৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটাৰৰ জৰিয়তে কৈছিল যে, অসম, মণিপুৰ আৰু নাগালেণ্ডত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনৰ এলেকাসমূহ হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২২ ৰ ৩১ মাৰ্চত অসমৰ মুঠ ২৪ খন জিলাৰ পৰা এই ক'লা আইনখন প্ৰত্যাহাৰ কৰা হৈছিল।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি সবিশেষ প্ৰকাশ কৰিছিল। উল্লেখ্য যে, সেই সময়ত অসমৰ মুঠ ৩৩ খন জিলাৰ ভিতৰত ২৪ খন জিলাৰ পৰা এই আইন প্ৰত্যাহাৰ কৰি কেৱল কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু লক্ষিপুৰ মহকুমাত এই আইন বলবৎ কৰিছিল।
১৯৯০ চনত অসমক এক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি এই আইনখন জাপি দিয়া হৈছিল। তেতিয়াৰে পৰা ২০২২ লৈ সমগ্ৰ ৰাজ্যতে এই আইন বলবৎ আছিল। ২০২২ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আফছপা প্ৰয়োজন নোহোৱা অঞ্চলৰ পৰা আইনখন প্ৰত্যাহাৰ কৰি সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সেই সিদ্ধান্ত অনুসৰিয়েই অসমৰ মুঠ ৬০ শতাংশ অঞ্চল আফছপাৰ পৰা মুক্ত হৈছিল যদিও ৪০ শতাংশ অঞ্চল এই আইনৰ কৱলত আছিল।
We are aiming at withdrawing AFSPA completely from Assam by the end of 2023. We will also rope in ex-military personnel to train our police force.
Excerpts from my speech 👇 https://t.co/d723eVih4y— Himanta Biswa Sarma (@himantabiswa) May 22, 2023
Also Read: আই পি এলত অভিযান শেষঃ লণ্ডনলৈ বিৰাট কোহলি, মহম্মদ ছিৰাজ...