বিজেপিৰ পঞ্চায়ত প্ৰতিনিধিৰ লজ্জাজনক কাণ্ড : হোৱাটছএপ গ্ৰুপত বিলালে যৌনগন্ধী ৱেবছাইটৰ লিংক

বিজেপিৰ পঞ্চায়ত প্ৰতিনিধিৰ লজ্জাজনক কাণ্ড : হোৱাটছএপ গ্ৰুপত বিলালে যৌনগন্ধী ৱেবছাইটৰ লিংক

author-image
asomiyapratidin
New Update
বিজেপিৰ পঞ্চায়ত প্ৰতিনিধিৰ লজ্জাজনক কাণ্ড :  হোৱাটছএপ গ্ৰুপত বিলালে যৌনগন্ধী ৱেবছাইটৰ লিংক

ডিজিটেল সংবাদ, ডিব্ৰুগড়: ডিব্ৰুগড় জিলাখনৰ অন্তৰ্গত নাহৰকটীয়া বিধানসভা সমষ্টিৰ শান্তিপুৰ পঞ্চায়তৰ সভাপতি ৰজনী বৰগোহাঁইৰ লজ্জাজনক এক কাণ্ডই সকলোকে হতচকিত কৰিছে ৷ উল্লেখ্যে যে বিজেপি দলৰ এইগৰাকী পঞ্চায়ত সভাপতিয়ে অলপতে এটা হোৱাটছআপ গ্ৰুপত বিতৰণ কৰে যৌনতাৰে ভৰপূৰ ৱেব লিংক ৷

Advertisment

হোৱাটছআপ গ্ৰুপটোৰ পৰা তাৎক্ষণিকভাৱে পঞ্চায়ত সভাপতিজনক গ্ৰুপৰ প্ৰশাসকে আঁতৰাই পঠিয়ায় ৷ অৱশ্যে খন্তেক পাছতেই লোকজনৰ আন এটা বাৰ্তা গ্ৰুপৰ আন এগৰাকী প্ৰশাসকে শ্বেয়াৰ কৰে। সেই মৰ্মে ৰজনী বৰগোহাঁই নামৰ লোকজনে আন কোনোবা এগৰাকী নাম উল্লেখ নকৰা ব্যক্তিয়েহে তেওঁৰ ফোন ব্যৱহাৰ কৰি উক্ত লিংক গ্ৰুপটোলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে উক্ত গ্ৰুপটোত বহু কেইগৰাকী সামাজিক জীৱনৰ সৈতে জড়িত অগ্ৰজ অনুজ ব্যক্তি, ৰাজনৈতিক দলৰ লোকৰ লগতে দল সংগঠনৰ কেইবাগৰাকীও স্থানীয় নেতা সদস্য হিচাপে আছিল। জনপ্ৰতিনিধিৰ এনে বিতৰ্কিত ভূমিকা আৰু দায়সৰা বক্তব্যত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে গ্ৰুপটোৰ প্ৰশাসকসকলো সংবাদসেৱাৰ দৰে দায়ৱদ্ধপূৰ্ণ বৃত্তিত জড়িত। কিন্তু ৰহস্যজনক কাৰণত পঞ্চায়ত সভাপতিগৰাকীৰ উক্ত কুকাৰ্যৰ সংবাদ কোনো সংবাদ মাধ্যমতে প্ৰকাশ নহ'ল ৷ স্বাভাৱিকতে ৰাইজৰ মাজত ইয়াকে লৈ সন্দেহৰ উদ্ৰেক ঘটিছে ৷

আৰু পঢ়ক: কংগ্ৰেছ ত্যাগ, গোলাম নবী আজাদে শীঘ্ৰেই গঠন কৰিব নতুন ৰাজনৈতিক দল…

assam dibrugarh