ঠিকাদাৰ ৰূপী বিজেপি নেতাৰ বিৰুদ্ধে শ্ৰমিকৰ ধন আত্মসাতৰ অভিযোগ...

বিজেপি নেতা তথা ঠিকাদাৰ অনাথ বিশ্বাসৰ বিৰুদ্ধে বাসুগাঁও থানাত গোচৰ ৰুজু ।

author-image
Asomiya Pratidin
New Update
ঠিকাদাৰ ৰূপী বিজেপি নেতাৰ বিৰুদ্ধে শ্ৰমিকৰ ধন আত্মসাতৰ অভিযোগ...

ডিজিটেল সংবাদ, চিৰাং : ভাৰতীয় জনতা পাৰ্টীৰ চিৰাং মণ্ডল সমিতিৰ উপসভাপতি তথা ঠিকাদাৰ অনাথ বিশ্বাসৰ বিৰুদ্ধে দিনহাজিৰা কৰা শ্ৰমিকৰ ধন আত্মসাৎ কৰি প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই সংক্ৰান্তত ভুক্তভোগী শ্ৰমিক সকলে ঠিকাদাৰ ৰূপী বিজেপিৰ নেতা অনাথ বিশ্বাসৰ বিৰুদ্ধে বাসুগাঁও থানাত এখন এজাহাৰ দাখিল কৰাৰ তথ্য পোহৰলৈ আহিছে ।

Advertisment

জানিব পৰা মতে বিজেপিৰ নেতা ঠিকাদাৰ অনাথ বিশ্বাসে যোৱা এবছৰ আগত কোকৰাঝাৰ চহৰত নিৰ্মাণ হৈ থকা কেঞ্চাৰ হাস্পতালৰ উপ ঠিকাৰ কাম লাভ কৰিছিল। উক্ত কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণ কাৰ্যত বাসুগাঁও আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ২৯ জন যুৱকক অস্থায়ী শ্ৰমিক হিচাপে নিয়োগ কৰিছিল ।

প্ৰথমাৱস্থাত শ্ৰমিক সকলৰ প্ৰাপ্য ধন আদায় দিছিল যদিও পৰৱৰ্তী সময়ত নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছত ঠিকাদাৰ অনাথ বিশ্বাসে বিল পালে প্ৰাপ্য মজুৰিৰ টকা আদায় দিয়া হ'ব বুলি কৈ শ্ৰমিক সকলক ঘৰলৈ পঠিয়াই দিয়ে। তিনিমাহ অতিক্ৰম কৰাৰ পিছতো অনাথ বিশ্বাসে শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰিৰ টকা আদায় নিদিয়াত দুখীয়া-দৰিদ্ৰ শ্ৰমিক সকল বিমোৰত পৰে ।

২৯ গৰাকী শ্ৰমিকৰ প্ৰায় দুই লাখ টকা বিচাৰি অনাথ বিশ্বাসৰ ঘৰত যোৱাত ঠিকাদাৰ অনাথ বিশ্বাসে বিল নোপোৱাৰ কথা কৈ শ্ৰমিক সকল উভতাই দিয়ে। তাৰ পিছত একাংশ বঞ্চিত শ্ৰমিকে কোকৰাঝাৰৰ কেঞ্চাৰ হাস্পতালত গৈ অনুসন্ধান কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে যে অনাথ বিশ্বাসে কেতিয়াবাই বিলৰ টকা আদায় কৰিছে।

পিছত প্ৰবঞ্চনাৰ চিকাৰ হোৱা শ্ৰমিক সকলে একত্ৰিত হৈ অনাথ বিশ্বাসৰ খাঠালপাৰা স্থিত বাসগৃহত উপস্থিত তেওঁলোকৰ প্ৰাপ্য ১,৯২,৫৯০ টকা বিচাৰে । এজাহাৰত উল্লেখ কৰা অনুসৰি প্ৰাপ্য টকা আদায় দিয়াৰ বিপৰীতে ঠিকাদাৰ ৰূপী অনাথ বিশ্বাসে শ্ৰমিক সকলৰ উদ্দেশ্যি কয় যে, 'তহঁত বিহ খাই মৰি যা তথাপিও মই তহঁতৰ টকা আদায় নিদিও, কি কৰিবি কৰি থাক তহঁতে" বুলি ভাবুকি প্ৰদান কৰে ।

অনাথ বিশ্বাসৰ এনেধৰনৰ অপ্ৰত্যাশিত কথা বতৰা শুনাৰ পাছত বঞ্চিত শ্ৰমিক সকলে সমগ্ৰ বিষয়টো স্থানীয় গাওঁবুঢ়া ঠাকুৰ দাস মণ্ডলক অৱগত কৰে । তাৰপিছত গাওঁবুঢ়া গৰাকীয়ে সমস্যা সমাধান কৰাৰ লক্ষ্যৰে খাঠালপাৰাত এখনি গাওঁসভাৰ আহ্বান কৰে। কিন্তু বিজেপি দলৰ নেতা হোৱাৰ সুবাদত ঠিকাদাৰ অনাথ বিশ্বাসে গাওঁসভাত অনুপস্থিত থাকে ।

পিছত গাওঁবুঢ়াৰ উপস্থিতিত গাওঁসভাই সমগ্ৰ বিষয়টো আইনৰ দাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু বুধবাৰ নিশা বাসুগাঁও আৰক্ষী থানাত ঠিকাদাৰ অনাথ বিশ্বাসৰ বিৰুদ্ধে শ্ৰমিক সকলৰ প্ৰাপ্য ধন আত্মসাত কৰি তেওঁলোকৰ সৈতে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে। এই সংক্ৰান্তত বাসুগাঁও থানাৰ আৰক্ষীয়ে বিজেপিৰ নেতা তথা ঠিকাদাৰ অনাথ বিশ্বাসৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া বঞ্চিত শ্ৰমিক সকলে অপেক্ষা কৰি আছে ।

Also Read: ঢকুৱাখনাত চুতীয়া জাতি সন্মিলন আৰু বীৰাংগনা সতী সাধনী দিৱস...

chirang bharatiya janata party