কংগ্ৰেছৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ

কংগ্ৰেছৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, বিশ্বনাথঃ কংগ্ৰেছ দল আৰু মিত্ৰজোটৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথতো শনিবাৰে প্ৰতিবাদ সাব্যস্ত হয়। বিশ্বনাথ জিলা বিজেপিয়ে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ যে ঝাৰখণ্ডৰ এজন কংগ্ৰেছ দলৰ সাংসদৰ ঘৰত এক অভিযানত ৩০০ কোটি টকা উদ্ধাৰ কৰা হৈছে।

যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতাৰ নিৰ্দেশত ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে বিশ্বনাথ জিলা বিজেপিৰ কাৰ্যলয় সমীপৰ দগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিশ্বনাথ জিলা সমিতিয়ে।এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ লগতে দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থকাৰ লগতে উক্ত প্ৰতিবাদত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অংশ গ্ৰহন কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি আকাশ বতাহ কপাই তোলে।

বিধায়ক প্ৰমোদ বৰঠাকুৰ তথা জিলা সভাপতি গৰাকীয়ে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দল তথা জোটবন্ধনৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰাৰ লগতে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনায়।

কংগ্ৰেছৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ
আয়কৰ বিভাগৰ বৃহৎ অভিযানঃ বৰ্তমানলৈ জব্দ ২৯০ কোটি নগদ ধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in