৩ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব বিজেপিয়ে...

৩ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব বিজেপিয়ে...

author-image
Asomiya Pratidin
New Update
৩ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব বিজেপিয়ে...

ডিজিটেল সংবাদ,হাজোঃ দেওবাৰে সন্ধিয়া বিজেপিৰ ৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব বুলি সদৰি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। বিহালী,চামগুৰি,ঢলাই সমষ্টিৰ বাবে বিজেপি ৰ প্ৰাৰ্থীৰ তালিকা দিল্লীলৈ প্ৰেৰণ কৰিব ৰাজ্যিক নেতৃত্বই। এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে এক বৈঠকত মিলিত হোৱা বুলি জানিবলৈ দিয়ে বিধায়ক কলিতাই।

Advertisment

উল্লেখযোগ্য যে, বিজেপিয়ে বঙাইগাঁও অগপক আৰু চিডলী সমষ্টি ইউ পি পি এলক এৰি দিয়া বুলিও আজি উল্লেখ কৰে। মিত্ৰতা ধৰ্ম পালন কৰিয়ে এই দুয়ো খন আসন এৰি দিয়া বুলি সদৰী ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। ইয়াৰোপৰি এইবেলি নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, ৰাজ্য উন্নয়নমুখৰ হোৱা বাবে এইবেলি ৰাইজে বিজেপিক ভোট দিব বুলি আশাবাদী ভবেশ কলিতা।

Also Read: মানকাচৰ-মেঘালয়ৰ মণ্ডপে মণ্ডপে দেৱীক বিদায়ৰ প্ৰস্তুতি

bhabesh kalita