মানকাচৰ-মেঘালয়ৰ মণ্ডপে মণ্ডপে দেৱীক বিদায়ৰ প্ৰস্তুতি

মহিলা সকলৰ মাজত পৰম্পৰাগত সেন্দুৰ খেল। মেঘালয়-মানকাচৰৰ ৬ খনকৈ ঘাটত অৰ্ধশতাধিক দেৱীৰ প্ৰতিমা বিসৰ্জনৰ ব্যাপক আয়োজন

author-image
Asomiya Pratidin
New Update
মানকাচৰ-মেঘালয়ৰ মণ্ডপে মণ্ডপে দেৱীক বিদায়ৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ অৰ্ধ শতাধিক পূজা মণ্ডপত দেৱীক বিদায়ৰ বাবে পুৱাৰে পৰা প্ৰস্তুতি আৰম্ভ হৈছে। প্ৰতিখন পূজা মণ্ডপত মহিলা সকলৰ মাজত পৰম্পৰাগত সেন্দুৰ খেলৰ আয়োজন কৰা হৈছে।

Advertisment

মহিলা সকলে মাৰ চৰনত আশীষ গ্ৰহণ কৰি দেৱীক সেন্দুৰ দিয়াৰ পাচত পৰম্পৰাগত ভাৱে এজনে আনজনক সেন্দুৰ প্ৰদান কৰি সৰ্বজনৰ মংগল কামনা কৰে। অসম-মেঘালয় সীমান্তৱৰ্তী হাটছিঙিমাৰীৰ মহামায়া ধামত এইদৰে বিবাহিতা মহিলা সকলে এজনে আনজনক সেন্দুৰ প্ৰদান কৰি সেন্দুৰ খেলৰ পৰম্পৰা ৰক্ষা কৰে।

মহামায়া ধামত উখল মাখল পৰিবেশৰ সৃষ্টি হয়। লক্ষণীয় যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ৩৪ খন দেৱীৰ প্ৰতিমা সহ চুবুৰীয়া মেঘালয়ৰ হেলিডেগঞ্জ আৰু ফুলবাৰী এলেকাৰ মুঠ অৰ্ধ শতাধিক দেৱীক ৬খনকৈ নৈৰ ঘাটত বিসৰ্জন দিয়া হব। ইতিমধ্যে বিসৰ্জনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে।

Also Read: নদুৱাৰত গুৰু জনাৰ ৫৭৬সংখ্যক জন্মজয়ন্তী উদযাপন

mancachar