জয়ন্ত মল্লৰ বাবেই বিজেপিয়ে সহস্ৰাধিক ভোট হেৰুৱালে : মৃণাল শইকীয়া

জয়ন্ত মল্লৰ বাবেই বিজেপিয়ে সহস্ৰাধিক ভোট হেৰুৱালে : মৃণাল শইকীয়া

ডিজিটেল ডেস্কঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মুখ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে অনুৰোধ জনালে ৰাজ্যৰ বিজেপিৰ এজন বিধায়কে। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এক্স হেণ্ডেলত মুকলিকৈ এই কথা লিখিলে।

বিধায়কগৰাকীয়ে এক্স হেণ্ডেলত লিখিছে- 'মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দলীয়া পৰিক্ৰমাৰ সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাৰ মুখ বন্ধ কৰক আপুনি। তেঁওৰ কথা কোৱা ষ্টাইলে এই নিৰ্বাচনত বহু সহস্ৰাধিক ভোট বিজেপিয়ে হেৰুৱাইছে।'

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ সময়ত ভোটদান কৰি কিছু মন্তব্য কৰিছিল নলবাৰীৰ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। দলীয় নেতৃত্বৰ বিৰুদ্ধে এই মন্তব্য আছিল বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সাংসদ দিলীপ শইকীয়াই। ৰাজ্যৰ ৩টা পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পাছত দলৰ নেতৃত্বই অশোক শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ দাবী তুলিছিল তেঁও।

তাৰপাছতেই অশোক শৰ্মালৈ প্ৰেৰণ কৰা হৈছিল কাৰণ দৰ্শোৱাৰ জাননী। সেই জাননী সন্দৰ্ভতেই মন্তব্য কৰিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। পুৰণি বিজেপি নেতাই বছৰত ৫দিনহে দলৰ বাবে দিয়ে বুলি উল্লেখ কৰি জয়ন্ত মল্লবৰুৱাই নিজেই প্ৰতিটো দিনৰ ২৪ঘণ্টাই দলক দিয়ে আৰু সেই ত্যাগৰ তুলনা নহয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছিল।

এই মন্তব্যৰ পাছতে জয়ন্ত মল্লবৰুৱাক উভতি ধৰিলে দলৰে এগৰাকী জ্যেষ্ঠ বিধায়ক মৃণাল শইকীয়াই। এতিয়া লক্ষ্যণীয় হ'ব ৰাজ্যিক বিজেপিৰ নেতৃত্বই মৃণাল শইকীয়া আৰু জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে।

জয়ন্ত মল্লৰ বাবেই বিজেপিয়ে সহস্ৰাধিক ভোট হেৰুৱালে : মৃণাল শইকীয়া
কোনো বাহিৰা প্ৰতিষ্ঠানক হস্তান্তৰ কৰিব নোৱাৰিব কটন বিশ্ববিদ্যালয়ৰ ভূমি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in