/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3e98c7a8-071f-4ab8-934b-4a0251449e25/Mitok.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ নগৰবাসী ছাগলী মাংস প্ৰেমী সকলৰ বাবে এক দুঃসংবাদ । দেওবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে খাহী বা পঠা মাংসৰ জুতি ল'বলৈ নাপাব লখিমপুৰ নগৰবাসীয়ে । দেওবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে লখিমপুৰৰ সকলো ছাগলী মাংসৰ দোকান বন্ধ ঘোষণা কৰিছে অসমীয়া যুৱ মঞ্চই।
অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ, কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ আৰু সচিব প্ৰধান অনুপম শইকীয়াই এক বিজ্ঞপ্তি জৰিয়তে এই বন্ধ ঘোষণা কৰে। লখিমপুৰ নগৰৰ চাংমাই গাঁৱৰ উদীয়মান যুৱক প্ৰণৱ শইকীয়াক শুকুৰবাৰে ছাগলী চোৰে অতি বৰ্বৰ ভাবে হত্যা কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জনাইছে।
বিবৃত্তিটোৰ মতে লখিমপুৰ নগৰৰ সকলো সন্দেহজনক ছাগলী মাংসৰ দোকান অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমীয়া যুৱ মঞ্চই নিৰীহ সম্ভাৱনাপূৰ্ণ যুৱক প্ৰণৱ শইকীয়াৰ হত্যাকাৰীক কঠোৰতম শাস্তি নোপোৱা পৰ্যন্ত যুৱ মঞ্চ ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দিছে।
Also Read: মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ বাহিৰত বিধ্বংসী অগ্নিকাণ্ড
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us