ৰৌতা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাঃ নিহত বিজেপি নেতা

ৰৌতা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাঃ নিহত বিজেপি নেতা

author-image
Asomiya Pratidin
New Update
ৰৌতা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাঃ নিহত বিজেপি নেতা

ডিজিটেল সংবাদ,ৰৌতাঃ ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অধীনস্থ ৰৌতা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু হয় বিজেপি নেতা জগদীশ ডেকাৰ।

Advertisment

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ৰৌতাৰ ভালুমাৰী গাঁৱৰ ফনিধৰ ডেকাৰ পুত্ৰ জগদীশ ডেকা (৩১) AS-12-AE 5492 নং বাইকেৰে বিশেষ কামৰ বাবে ঘৰৰ পৰা ৰৌতা অভিমুখে আহিছিল।

বাইক আৰোহী যুৱক জনক ৰৌতা আৰক্ষী থানাৰ ওচৰত ট্ৰাকে খুন্দা মাৰাত ঘটনাস্থলীত মৃত্যু ঘটে জগদীশ ডেকাৰ। ইতিমধ্যে মৃতদেহটো ৰৌতা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰিছে।

আনহাতে বিজেপিৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা তথা ৰৌতা মণ্ডলৰ অন্তৰ্গত ১০২ নং ভালুকমাৰী প্ৰাথমিক বিদ্যালয় (Right) বুথৰ সভাপতি জগদীশ ডেকাৰ আকস্মিক মৃত্যুত মৰ্মাহত হয় সাংসদ দিলিপ শইকীয়া।

শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে সাংসদ গৰাকীয়ে। জগদীশ ডেকাৰ মৃত্যুত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশেও শোক প্ৰকাশ কৰে।

Also Read: প্ৰাথমিক বিদ্যালয়ত ৮০ হাজাৰ টকাৰ কাম কৰি ৫ লাখ টকা সৰকালে কোনে ?

Rowta road accident BJP jagadish deka died BJP leader died in Rowta