বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা অঞ্জন বৰাসহ পাঁচ শতাধিক সমৰ্থকে

বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা অঞ্জন বৰাসহ পাঁচ শতাধিক সমৰ্থকে

author-image
Asomiya Pratidin
New Update
 বিজেপিত যোগদান কৰিব কংগ্ৰেছ নেতা অঞ্জন বৰাসহ পাঁচ শতাধিক সমৰ্থকে

ডিজিটেল সংবাদ, বিশ্বনাথঃ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বিশ্বনাথ জিলাৰ কংগ্ৰেছ নেতা অঞ্জন বৰাই।বিশ্বনাথ নগৰৰ হোটেল লি-প্লেছত অনুষ্ঠিত এখন সংবাদমেল যোগে অঞ্জন বৰা সহ সমৰ্থকে এই কথা জানিব দিয়ে।

Advertisment

যোৱা বিধান সভা নিৰ্বাচনত বিশ্বনাথ বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি প্ৰায় ৬০ হাজাৰধিক ভোট লাভ কৰা কংগ্ৰেছ নেতা অঞ্জন বৰাই সমৰ্থকসহ আজি প্ৰায় পঞ্চাছ খন গাড়ীৰে ৰেলী কৰি তেজপুৰত আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰিবলৈ ৰাওনা হয়। তেজপুৰত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু মন্ত্ৰীৰ উপস্থিতিত কংগ্ৰেছ নেতাজনে কৰ্মীসহ যোগদান কৰিব বুলি জানিব দিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশ তথা ৰাজ্যত চলা উন্নয়ন মূলক কামে বিজেপিৰ প্ৰতি আকৃষ্ট কৰিছে।দেশ তথা ৰাজ্যত উন্নয়ন মূলক কামত অংশদাৰী হবলৈ এইদৰে আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব পাঁচ শতাধিক সমৰ্থক সহ নেতা গৰাকীয়ে।নেতা গৰাকীৰ লগত সমৰ্থক সকল প্ৰায় পঞ্চাছ খনতকৈ অধিক গাড়ীত তেজপুৰত যোগদান কৰাৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে সাধাৰুৰ বুঢ়া বাবাৰ থানত আশিস গ্ৰহণে কৰে।

Also Read: শ্ৰমিকক পৰিচালকৰ প্ৰহাৰ! কলিয়াবৰৰ শালনা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

bjp congress