/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/62owf630/AP FOR WEB 21.png)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড।বিদ্যুৎ সংযোগ নিদিয়াকৈ পঠিয়ালে বিদ্যুতৰ বিল।
জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বনগাঁও শান্তিপুৰত বিদ্যুৎ বিভাগৰ দ্বাৰা সংঘটিত হৈছে এই আজৱ কাণ্ড। গাঁৱখনৰ গীতামণি কোঁচ নামৰ মহিলাগৰাকীয়ে কৰা অভিযোগ অনুসৰি আজিৰ পৰা দুইবছৰ পূৰ্বে তেওঁলোকৰ ঘৰত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ তৰফৰ পৰা বিনামূলীয়াকৈ এটা বিদ্যুৎৰ মিটাৰ যোগান ধৰিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/7igsi4op/5ab245e0-3a25-487e-bcbd-87307bc5ece7.jpg)
অৰ্থাৎ সেই সময়ত APDCL ৰ তৰফৰ পৰা দৰিদ্ৰ সীমাৰেখা তলৰ (BPL) লোকসকলক বিতৰণৰ বাবে গাঁও পঞ্চায়তসমূহক যোগান ধৰিছিল বিনামূলীয়া বিদ্যুত সংযোগৰ মিটাৰসমূহ । কিন্তু জামুগুৰি বিদুৎ উপসংমণ্ডলে মহিলাগৰাকীৰ ঘৰত দিয়া নাছিল বিদ্যুতৰ সংযোগ। আনকি ঘৰৰ সন্মুখত বিদ্যুতৰ খুটাও পোতা হোৱা নাছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/g8sphr3d/e1fbaa27-1c22-4549-981d-84ad9c914c1e.jpg)
বিদ্যুৎ সংযোগ নিদিয়াকৈয়ে ঘৰত কোনো লাইট নজলোৱাকৈয়ে এতিয়া মহিলাগৰাকীৰ নামত ঘৰলৈ ৫৯৯৯ টকা বিদ্যুতৰ বিল বিভাগৰ ফালৰ পৰা প্ৰেৰণ কৰাত আচৰিত হৈ পৰিছে। ইফালে বিদ্যুতৰ বিল পৰিশোধ নকৰিলে অধিক মচুল ভৰিব লাগিব বুলি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে অতি দৰিদ্ৰ মহিলা গীতামণি কোঁচক ভাবুকি প্ৰদান কৰাত উপায়হীন হৈ দ্ৰৰিদ্ৰ মহিলাগৰাকীয়ে ২২৫০টকাৰ বিল পৰিশোধ কৰিবলৈ বাধ্য হয় বুলিও ব্যক্ত কৰে।
জামুগুৰিহাটৰ উত্তৰাঞ্চলত বিদ্যুত বিভাগৰ এই আজৱ কাণ্ডই এতিয়া ৰাইজৰ চকু কপালত তুলিছে।
Also Read: লখিমপুৰত 'স্মৃতিৰ সোণোৱালী ক্ষণ' অনুষ্ঠান