বিজেপিৰ আভ্যন্তৰত চলিছে কি? প্ৰাক্তন সভাপতিয়েই নাপায় মন্ত্ৰীৰ সাক্ষাৎ...

বিজেপিৰ আভ্যন্তৰত চলিছে কি? প্ৰাক্তন সভাপতিয়েই নাপায় মন্ত্ৰীৰ সাক্ষাৎ...
বিজেপিৰ আভ্যন্তৰত চলিছে কি? প্ৰাক্তন সভাপতিয়েই নাপায় মন্ত্ৰীৰ সাক্ষাৎ...

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীত গুৰুত্বহীন পুৰণি নেতৃত্ব। দলটোৰ জ্যেষ্ঠ নেতৃত্বক এজন এজনকৈ বিভিন্ন দায়িত্বৰ পৰা আঁতৰাই দায়িত্বহীন, ক্ষমতাহীন কৰি নবিজেপিয়েই যেন এতিয়া সৰ্বেসৰ্বা।

সৌ সিদিনা বিজেপিৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত দেখা গৈছিল দলটোৰ একাংশ জ্যেষ্ঠ নেতাৰ মুকলি বিষোদগাৰ।পঞ্চ তাৰকাযুক্ত হোটেলৰ দৰেই  নিৰ্মাণ কৰি উলিওৱা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত উপস্থিত নাছিল মুখ্যমন্ত্ৰীকে ধৰি এজনো মন্ত্ৰী।

নাছিল বিজেপিৰ  বহু শীৰ্ষ নেতৃত্ব। যাৰ বাবে কেইবাজনো প্ৰাক্তন সভাপতিয়ে দলটোৰ এতিয়াৰ নেতৃত্বক সোঁৱৰাই দিবলৈ বাধ্য হৈছিল দলৰ প্ৰতি তেওঁলোকৰ থাকিবলগীয়া দায়িত্বৰ কথা।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোঁৱৰাই দিছিল প্ৰতিষ্ঠা দিৱসত প্ৰতিজন বিজেপি নেতা, কৰ্মীৰ বাবে প্ৰথমে দেশ তাৰ পাছত দল আৰু সৰ্বশেষত ব্যক্তি, এই তিনি নীতিৰ কথা। তাৰো পূৰ্বে অশোক শৰ্মাৰ দৰে পুৰণি বিজেপি তথা প্ৰাক্তন বিধায়কে দলটোক অপাত্ৰৰ হাতত গতাই দিয়া বুলি মুকলি কৈ সংবাদ মাধ্যমৰ আগত ক’বল কুণ্ঠাবোধ কৰা নাছিল। ইয়াৰ বাবে তেওঁ আক্ষেপ প্ৰকাশ কৰিছিল।

এনেকৈয়ে দলটোৰ পুৰণি নেতৃত্বই মুকলিকৈয়ে এতিয়াৰ বিজেপি নেতৃত্বৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি অহাৰ মাজতে আজি সামাজিক মাধ্যমৰ জৰিয়তে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই।

ৰমেন ডেকাই আজি সামাজিক মাধ্যমৰ জৰিয়তে মুকলিকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলটোৰ সভাপতি ভৱেশ কলিতাক অভিযোগ কৰি কয় এগৰাকী মন্ত্ৰীৰ সাক্ষাৎ লাভৰ অনুমতি পোৱাটো এতিয়া কঠিন হৈ পৰিছে। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰিছে, যদি তেওঁৰ সৈতেই এনেকুৱা হয় তেন্তে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কি পৰিস্থিতিৰ মুখামুখী হৈছে?

ৰমেন ডেকাৰ ফেচবুক পোষ্ট
ৰমেন ডেকাৰ ফেচবুক পোষ্ট

বিজেপিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকাৰ এই মুকলি অভিযোগে দলটোৰ ৰাজ্যিক নেতৃত্বক যে পুনৰবাৰ অস্বস্তিৰ সন্মুখত পেলাব সেয়া নিশ্চিত। ৰমেন ডেকাৰ এই ফেচবুক পোষ্টত বিজেপিৰ আন আন কৰৰ্মীসকলৰ মন্তব্যও লক্ষ্যণীয়।  

বিজেপিৰ আভ্যন্তৰত চলিছে কি? প্ৰাক্তন সভাপতিয়েই নাপায় মন্ত্ৰীৰ সাক্ষাৎ...
টেঙাখাতত সশস্ত্ৰ অসম আৰক্ষী শাখাৰ ১১৭ সংখ্যক গোটৰ দীক্ষান্ত কুচকাৱাজ সমাৰোহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in