/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/86d11866-9dbb-4d6e-9cce-ac73eada905f/Bimal_Bora.jpg)
ডিজিটেল সংবাদ, টেঙাখাত : ডিব্ৰুগড় জিলাৰ টেঙাখাত উইল্টনস্থিত ১৯ নং অসম আৰক্ষী (ভাৰতীয় সংৰক্ষিত) বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত শুকুৰবাৰে সশস্ত্ৰ অসম আৰক্ষী শাখাৰ ১১৭ সংখ্যক গোটৰ দীক্ষান্ত কুচকাৱাজ সমাৰোহৰ মুঠ ৬৮২ গৰাকী সশস্ত্ৰ আৰক্ষীৰ সমূহীয়া বাহ্যিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। ১৯ নং অসম আৰক্ষী (ভাৰতীয় সংৰক্ষিত) বাহিনীৰ কমাণ্ডেণ্ট গায়ত্ৰী কোঁৱৰৰ লগতে বিষয়া সকলে তত্বাবধান কৰা উক্ত অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান সত্যেন্দ্ৰ নাৰায়ন সিং (আই পি এচ) ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰ অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈকে ধৰি একাংশ আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d14ac3cd-9fca-469c-aa03-d7c1a73a3927/WhatsApp_Image_2023_04_28_at_7_09_26_PM__1_.jpeg)
উল্লেখ্য যে, শেহতীয়াকৈ নিযুক্তি লাভ কৰা প্ৰথম-দ্বিতীয়-তৃতীয়- ১১ নং- ১৯ নং আৰু ২৫ নং অসম আৰক্ষী বাহিনীৰ সৰ্বমুঠ ৬৮২ গৰাকী আৰক্ষী জোৱানে সুদীৰ্ঘ ১০ মাহ ২৭ দিন কঠোৰ আৰক্ষীৰ প্ৰশিক্ষণ লোৱাৰ অন্তত শুকুৰবাৰে উল্লেখিত পেৰেড গ্ৰাউণ্ডত দৃষ্টিনন্দন সাজপাৰ তথা শৃংখলিত কুচকাৱাজ প্ৰদৰ্শন কৰি অতিথি অভিভাৱক তথা উপস্থিত শুভাকাংক্ষী ৰাইজক মোহিত কৰা পৰিলক্ষিত হয়। উক্ত কুচকাৱাজৰ নেতৃত্ব বহন কৰে- ১৯ নং অসম আৰক্ষী বাহিনীৰ আৰক্ষী ৬১৯ দিপাংকৰ ৰায় আৰু পেৰেড ২১/চি দ্বিতীয় অসম আৰক্ষী বাহিনীৰ আৰক্ষী ৩৬৬ চন্দ্ৰশেখৰ ৰয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3555faac-7049-44d6-91b3-b323ef0ce84c/WhatsApp_Image_2023_04_28_at_7_09_26_PM.jpeg)
কমাণ্ডেণ্ট গায়ত্ৰী কোঁৱৰে আদৰণি জনোৱাৰ অন্তত কুচকাৱাজ গ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই চমু ভাষন প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰা আৰক্ষী সকলে নিষ্ঠা সততাৰে কৰ্তব্য সম্পাদন কৰা তথা নিৰপেক্ষ দৃষ্টিভংগী আগত ৰাখি কৰ্মদক্ষতাৰে কৰ্তব্যত অগ্ৰহৰ হ'বলৈ আহ্বান জনায়। আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান সত্যেন্দ্ৰ নাৰায়ন সিঙে বাহিনীটোৰ বিশেষ নমুনা দাঙী ধৰি ধন্যবাদ সূচক বক্তব্য প্ৰদান কৰে। উক্ত অনুষ্ঠানতে ১৯ নং অসম আৰক্ষী বাহিনীৰ কমাণ্ডেণ্ট গায়ত্ৰী কোঁৱৰে আঁত ধৰা বিশেষ বঁটা প্ৰদান অনুষ্ঠানত আভ্যন্তৰীণ বাহ্যিককে ধৰি মুঠ চাৰিটা বিষয়ৰ সৰ্বদিশতে পাৰদৰ্শীতা লাভ কৰে ক্ৰমে - আউটডৰৰ- ১ নং এ পি বি এন দেৱজিত জিডুং, ১১নং এ প বি এন বিকাশ বড়ো, ২৫ নং এপি ( অ এন জি চি) মিথিংগা ব্ৰহ্মই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/710450a9-8d16-4ea3-b141-6f1a00d74c1a/WhatsApp_Image_2023_04_28_at_7_09_25_PM.jpeg)
ইন্দৰৰ ১ নং এ পি বি এন পিনকু বৰ্মন ১১নং এ পি বি এন উপেন্দ্ৰ ঠাকুৰ ২৫ এপি( অ এন জি চি) মুচিৰুদ্দিন মণ্ডল), মুছকাৰীৰ ১ নং এ পি বি এন- ৰাহুল বৰা ২ নং এ পি বি এন তহিদুৰ ৰহমান ২৫ এপি (অ এন জি চি) জ্যোতিশ চন্দ্ৰ ৰয় । আৰু অল্ড ৰাউণ্ডৰ শ্ৰেষ্ঠ- ক্ৰমে- ১ নং এ পি বিএন সুমিত জুৰিয়া, ২ নং এ পি বি এন - শ্বেখৰ কুমাৰ ৰায় আৰু ১৯ নং ইই পি ( আই আৰ) দীপাংকৰ ৰায়ক ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰে মন্ত্ৰী বিমল বৰা আৰু বিশেষ আৰক্ষী সঞ্চালক সত্যেন্দ্ৰ নাৰায়ন সিঙে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/20993477-24b3-4d22-a9b9-1604074e1011/WhatsApp_Image_2023_04_28_at_7_09_24_PM.jpeg)
Also Read: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...