অসম চৰকাৰৰ বিকাশৰ অন্য এক যাত্ৰা

৭৪৫ কোটি ব্যয় সাপেক্ষে ডিব্ৰুগড়ত বহু কেইটা প্ৰকল্পৰ ভূমি পূজন, শিল্যন্যস, আৰু শুভ্ উদ্ধোধন
অসম চৰকাৰৰ  বিকাশৰ অন্য এক যাত্ৰা

ডিজিটেল সংবাদ, নামৰূপঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰগতিশীল অসম গঢ়াৰ সপোন ক্ৰমাৎ সফল হোৱাৰ পথত। বুধবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিত কেইবাটাও প্ৰকল্পৰ ভূমি পূজন, কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । নাহৰকটীয়াৰ লেঙেৰিজান খেল পথাৰত কেইবাহাজাৰ জনতাৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিজিটেল প্ৰক্ৰিয়াৰে উক্ত কাৰ্যসূচী সমাপন কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে পূৰ্বে অসমত সত্যাগ্ৰহ , পিকেটিং, আন্দোলন হৈছিল। বৰ্তমানো অসমত আন্দোলন হৈছে। কিন্তু এতিয়া অমৃত বৃক্ষ আন্দোলন হৈছে, খেল মহৰণ হৈছে, সাংস্কৃতিক মহা সংগ্ৰাম হৈছে , খেল মহাৰণ হৈছে। তেওঁ অসমৰ ভিতৰতে বৃহৎ জিলা ডিব্ৰুগড় জিলাখনত আজি ৭৪৫ কোটি টকা ব্যয় সাপেক্ষে বহু কেইটা প্ৰকল্পৰ আধাৰশিলা, ভূমি পূজন আৰু শুভাৰম্ভ কৰা হয় বুলি বক্তব্যত উল্লেখ কৰে।

যোৱা ২৯ ফেব্ৰুৱাৰী পৰা আৰম্ভ কৰা অসম বিকাশ যাত্ৰা কাৰ্যসূচীৰ অন্তৰ্গত অসমৰ বিভিন্ন জিলাত উপস্থিত হৈ ২৩ হেজাৰ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা আৰু বহু প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । এই বিকাশ যাত্ৰাৰ কাৰ্যসূচীৰ অন্তৰ্গত আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ নামচাঙত উপস্থিত হৈ ১১৩ জন চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰা হয়। উক্ত কলনীৰ শুভ উদ্ধোধনকৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই কাৰ্য্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, আৰু বিধায়ক তৰংগ গগৈ উপস্থিত থাকে।

এই অঞ্চলতে সৌৰ শক্তিৰ দ্বাৰা জল-জীৱন আচঁনিৰ অধীনত পানী যোগান প্ৰকল্প স্থাপনৰ আধাৰশিলা স্থাপন কৰা হয়। এই পিছপৰা অঞ্চলত, বাট পথ নিৰ্মাণ আদৰ্শ বিদ্যাল়য় স্থাপন কৰাৰ কথাও বক্তব্যত উল্লেখ কৰে। ইফালে ডিব্ৰুগড় জিলাত ১৯৪ কোটি টকা ব্যয় সাপেক্ষে এটা বৃহৎ পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল। আজি নাহহৰটীয়াৰ পৰাই এই প্ৰকল্পৰ শুভাৰম্ভৰ কৰা হয়। এই শুভ কাৰ্য সফল কৰাৰ বাবে মন্ত্ৰী অশোক সিংহাল আৰু বিধায়ক প্ৰশান্ত ফুকনক ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ লগে লগে দ্বিতীয় প্ৰকল্পৰ কামো আৰম্ভ কৰা হ'ব বুলি সভাত উল্লেখ কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে মৰাণ তিলৈত ৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ষ্টেডিয়াম খনৰো শু ভাৰম্ভ কৰা হয়। চাবুৱাত ১০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ক্ৰীয়া প্ৰকল্পৰ শুভাৰম্ভৰ কৰা হয় । ২৪ কোটি ব্যয় সাপেক্ষে ডিব্ৰগড়ৰ বৰপথাৰত ২২০/১৩২ গ্ৰীড চাব ষ্টেচন মুকলি কৰা হয়। ডিব্ৰুগড়ৰত জল-জীৱন আঁচনিৰ অন্তৰ্গত ৫২ খন জল জীবন আঁচনি আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। শেহতীয়া ভাৱে ডিব্ৰগড়ৰত অনুষ্ঠিত হোৱা কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম মালা আঁচনিৰ অধীনত তিনিটা গুৰুত্বপূৰ্ণ পথৰ আধাৰ শিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰৰ লাহোৱালৰ নতুন আলি , টিংৰাই, তিনিআলিৰ তিয়ানিগোলা পথৰ ৯৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰা হয়।

ডিব্ৰুগড়ৰ ৰঙস্তি সমষ্টিৰ ১৭ কি মিঃ পথ ৬১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ শিলান্যাস কৰা হয়। এই প্ৰকল্পই খোৱাং, তিনকোনীয়া, ন-খাট, লেঙেৰি আৰু বামুনবৰি লৈকে ৰাইজৰ সুবিধা হ'ব। চেঁচা তিনিআলিৰ পৰা গৰু ধৰিয়া হৈ ইটাখুলি পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। ইফালে চাবুৱা সমষ্টিৰ বালিজান গাঁৱত ৬০ কোটি টকা ব্যয় সাপেক্ষে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীয়া বিশ্ববিদ্যালয় স্থাপনৰ আধাৰশিলা স্থাপন কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব লোৱাৰ প্ৰায় বৰ্তমানলৈকৈ ৩০০০ কোটি টকাৰ উন্নয়নৰ কাম চলি আছে।

আনহাতে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত ৫০ হেজাৰ কোটিতকৈ অধিক টকাৰ উন্নয়নৰ কাম চলি আছে অসমত। অহা ৯ তাৰিখে শিৱসাগৰত আৰু তিনিচুকীয়াত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অসমত মুঠ ২৩ খন মেডিকেল কলেজ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ বিধায়ক প্ৰশান্ত ফুকন, দুলীয়াজানৰ বিধায়ক তেৰশ গোৱালা , চক্ৰধৰ গগৈ, বিজয় মালাকৰ, বিনোদ হাজৰিকা, এ পি এলৰ অধ্যক্ষ বিকুল ডেকা , উপাধ্যক্ষ হেমন্ত গগৈ, লক্ষীমপুৰৰ বিধায়ক মানব ডেকা, কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰোলিয়াম মন্ত্ৰীৰামেশ্বৰ তেলী, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰঞ্জিত দাস কৈ মুখ্য কৰি বিজেপিৰ জ্যেষ্ঠ নেতা সকল উপস্থিত থাকে।

অসম চৰকাৰৰ  বিকাশৰ অন্য এক যাত্ৰা
মেৰাপানীত কংগ্ৰেছত খহনীয়া!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in