শোণিতপুৰ, বিশ্বনাথ, বঙাইগাওঁ জিলাত বিজেপিৰ নতুন সভাপতি নিযুক্তি...

শোণিতপুৰ, বিশ্বনাথ, বঙাইগাওঁ জিলাত বিজেপিৰ নতুন সভাপতি নিযুক্তি...

author-image
Asomiya Pratidin
New Update
শোণিতপুৰ, বিশ্বনাথ, বঙাইগাওঁ জিলাত বিজেপিৰ নতুন সভাপতি নিযুক্তি...

শোণিতপুৰ, বিশ্বনাথ, বঙাইগাওঁ জিলাত বিজেপিৰ নতুন সভাপতি নিযুক্তি...

ডিজিটেল ডেস্কঃ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই কেইবাখনো জিলাৰনেতৃত্ব সলনি কৰাৰ সমান্তৰালকৈ কেইবাজনো জিলা পৰ্যায়ৰ নেতাক ৰাজ্যিক পৰ্যায়ত দায়িত্ব প্ৰদান কৰিছে। সাময়িকভাৱে ৰাজ্যিক সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি লৈ পুনৰ দায়িত্ব গ্ৰহণ কৰিয়েই সভাপতি কলিতাই এক নিৰ্দেশনাৰ জৰিয়তে শোণিতপুৰ, বিশ্বনাথ আৰু বঙাইগাওঁ জিলাত নতুন সভাপতি নিযুক্তি দিয়াৰ সমান্তৰালকৈ ৫ জনক ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে দায়িত্ব প্ৰদান কৰিছে।

এক নিৰ্দেশনাৰ জৰিয়তে তেওঁ শোণিতপুৰ জিলাত দীপামণি শইকিয়া, বিশ্বনাথ জিলাত দিগন্ত ঘাটোৱাৰ আৰু বঙাইগাওঁ জিলাত উজ্জ্বলকান্তি ৰায়ক নতুনকৈ সভাপতিৰ দায়িত্ব প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে আন এক নিৰ্দেশনা অনুসৰি পংকজ বৰা, বাতাচ ওৰাং, হিমানী অধিকাৰী, ঋষিৰাজ হাজৰিকা, মহেশ দেউৰী আৰু দন্দীৰাম মেধিক আজি এক নিৰ্দেশনাৰ জৰিয়তে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিযুক্তি প্ৰদান কৰিছে।

Also Read: মিজোৰামত কাৰ পক্ষত নিৰ্বাচনী বতাহ...

বিজেপি