বিশ্বনাথত পশুধন আৰু হাঁহ কুকুৰা নিগমৰ প্ৰশিক্ষণ কাৰ্যসূচী

বিশ্বনাথত পশুধন আৰু হাঁহ কুকুৰা নিগমৰ প্ৰশিক্ষণ কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথত পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধীনত জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগ,বিশ্বনাথৰ সহযোগত প্ৰথমবাৰৰ বাবে বিজ্ঞান সন্মত পশুপালনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।

বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু ৰাজ্যিক পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতিয়ে।

অনুষ্ঠানত উপস্থিত থাকি বিধায়ক প্ৰমোদ বৰঠাকুৰে সকলোকে চাকৰিৰ বাবে আশা নকৰি পশু পালনৰে আত্ম নিৰ্ভৰশীল হ'ব পাৰে বুলি মন্তব্য কৰে। লগতে প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তিসকলক চৰকাৰী আঁচনিৰ জৰিয়তে উপকৃত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

অসম পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, জিলা পশু চিকিৎসা বিষয়া দুৰ্গা কট্টেল, পশু চিকিৎসক দিগন্ত শৰ্মা, দীপক শৰ্মা, নিলোৎপল ভাগৱতী আদি উপস্থিত থকা প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে মহেন্দ্ৰ ভড়ালীয়ে।

গুৱাহাটীৰ পৰা অহা পশু চিকিৎসকত্ৰয় ডাঃ জানমনি শ্যাম, দিবাকৰ বৰুৱা আৰু ডাঃ তন্ময়ে প্ৰশিক্ষণ আগবঢ়োৱা আজিৰ এই প্ৰশিক্ষণত গাহৰি পালনৰ ওপৰত ৬৬ গৰাকী ব্যক্তিয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। আনহাতে কাইলৈ প্ৰশিক্ষণৰ দ্বিতীয় দিনা হাঁহ আৰু কুকুৰা পালনৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব।

বিশ্বনাথত পশুধন আৰু হাঁহ কুকুৰা নিগমৰ প্ৰশিক্ষণ কাৰ্যসূচী
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিশ্বনাথত AJYCPৰ তীব্ৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in