স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিশ্বনাথত AJYCPৰ তীব্ৰ প্ৰতিবাদ...

স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিশ্বনাথত AJYCPৰ তীব্ৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিশ্বনাথত AJYCPৰ তীব্ৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে AJYCPয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আজি অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰে।

Advertisment

লগতে চৰকাৰ বিৰোধী শ্লোগান প্ৰদৰ্শন কৰি প্ৰতিবাদকাৰীয়ে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখ্য যে, সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰা সময়ত পুনৰ স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক জলা-কলা খুৱাইছে।

সেয়ে ইয়াৰ বিৰোধিতাৰে আজি ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিয়ে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী জনাই জিলা আয়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে।

biswanath ajycp