প্ৰধান শিক্ষকৰ কাণ্ডজ্ঞানহীনৰ বাবেই মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত ৪জন ছাত্ৰ

ইফালে উচ্চ ন্যায়ালয়ত গোচৰ চলোৱাৰ নামত চাৰিগৰাকী বঞ্চিত ছাত্ৰৰ পৰা দহ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছে বুলি অভিযোগ দিছে ছাত্ৰ কেইগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
প্ৰধান শিক্ষকৰ কাণ্ডজ্ঞানহীনৰ বাবেই মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত ৪জন ছাত্ৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ ৰাজ্যত এতিয়া কাঠফুলাৰ দৰে বৃদ্ধি পাইছে ব্যক্তিগত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ। কিন্তু এই ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ কিমান সচেতন সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিয়নো বিশ্বনাথৰ এখন ব্যক্তিগত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ অমনোযোগিতা, হেমাহি আৰু চৰম কাণ্ডজ্ঞানহীনতাৰ বাবেই দুটাকৈ বছৰত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে বিদ্যালয় খনৰ ছাত্ৰ।

Advertisment

বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবেই চাৰিজনকৈ ছাত্ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা বিষয়টো পোহৰলৈ অহাৰ পিছতে বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিদ্যালয়খন হৈছে বিশ্বনাথৰ নামবাঘমৰাত অৱস্থিত বিশ্বনাথ বিদ্যানিকেতন। ২০১২ চনত প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খনৰ স্বত্বাধিকাৰ আৰু প্ৰধান শিক্ষক একেজনেই। নাম হৈছে উৎপল ফুকন। এই গৰাকী প্ৰধান শিক্ষকৰ হেমাহিৰ বাবেই বিদ্যালয়খনৰ চাৰিজনকৈ ছাত্ৰই ২০২৩-২৪ বৰ্ষত দিব নোৱাৰিলে পৰীক্ষা।

কেৱল ২৩-২৪ য়ে নহয়, এই একে চাৰিগৰাকী ছাত্ৰই ২০২২-২০২৩ বৰ্ষতো প্ৰধান শিক্ষক তথা বিদ্যালয়ৰ স্বতাধিকাৰী গৰাকীৰ কাণ্ডজ্ঞানহীনতাৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে। কিয়নো বিদ্যালয়খনে আজিলৈকে নাপালে বৰ্ডৰ স্বীকৃতি আৰু পৰ্ঞ্জীয়ন। যাৰ বাবে বিদ্যালয়খনৰ চাৰিজনকৈ ছাত্ৰৰ দুটাকৈ মূল্যবান বৰ্ষ নষ্ট হ'ল।

ইফালে এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক উৎপল ফুকনক প্ৰশ্ন কৰাত প্ৰধান শিক্ষক গৰাকীয়ে কোনো সঠিক উত্তৰ দিব নোৱাৰিলে । প্ৰধান শিক্ষকগৰাকীৰ মতে চাৰি গৰাকী ছাত্ৰৰ গুৰুত্বহীনতাৰ বাবেহে তেওঁলোক পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে।প্ৰধান শিক্ষকগৰাকীয়ে এই চাৰিগৰাকী ছাত্ৰই পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ চলোৱা বুলি উল্লেখ কৰিছে।

ইফালে উচ্চ ন্যায়ালয়ত গোচৰ চলোৱাৰ নামত চাৰিগৰাকী বঞ্চিত ছাত্ৰৰ পৰা দহ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছে বুলি অভিযোগ দিছে ছাত্ৰ কেইগৰাকীয়ে।

Also Read: তেজপুৰত অচিনাক্ত বাহনে মহতিয়াই অটোৰিক্সাক

biswanath hslc