/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/26b6732e-9134-4717-92aa-f93aa5ba5ff7/cm.jpg)
biswanath
ডিজিটেল সংবাদ, দিছপুৰ : 'বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বিশ্বনাথ জিলা ভ্ৰমণ কৰি ১৯ টা অভিলাষী প্রকল্পৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰে। এই আটাইকেইটা প্ৰকল্পৰ মুঠ প্রকল্প ব্যয় হৈছে ৪২৫.৭৫ কোটি টকা।
এই উপলক্ষে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত বিশাল বাজহুৱা সভাত অংশগ্রহণ কৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ, গহপুৰ আৰু চতিয়া বিধানসভা সমষ্টিৰ ১২ টা উন্নয়নমূলক প্রকল্প ডিজিটেল মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্রীয়ে অসমৰ স্বাভিমান, মর্যাদা, ঐতিহ্য-পৰম্পৰা সুৰক্ষিত কৰাৰ স্বাৰ্থত আত্মবলিদান দিয়া শ্বহীদ সকলক সশ্রদ্ধ প্ৰণিপাত জনায়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিশ্বনাথ জিলাৰ ৪ টা সমষ্টিৰ ৬ হাজাৰকৈ মুঠ ২৪ হাজাৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব। আনহাতে, ২৫০ টকাকৈ বৃদ্ধপেঞ্চন লাভ কৰি থকা আই-মাতৃ সকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰি ১২৫০ টকাকৈ প্ৰদানৰ চিন্তা-চৰ্চা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে নিৰ্ধাৰিত পুঁজিৰে আধাৰশিলা স্থাপন কৰা এই প্রকল্পসমূহ হ'ল - ৫০ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ জিলাৰ সংহত উপায়ুক্তৰ কার্যালয়, ১১ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ জিলাৰ আৱৰ্ত ভৱন, ৫০ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ চাৰিআলিত প্রস্তাৱিত জিলা ক্রীড়া প্রকল্প, ১৭৭.২৩ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথৰ পাভৈ (দিৰিঙ)ত নতুনকৈ প্ৰতিষ্ঠা হ'ব লগা অসম আৰক্ষী বেটেলিয়ন কার্যালয় প্রকল্প, ১১.৯১ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথঘাটৰ পৰা পাণপুৰলৈ নিৰ্মাণ হ'ব লগা কিলোমিটাৰ দৈৰ্ঘ্য পথ তথা মথাউৰিৰ আধাৰশিলা স্থাপনৰ লগতে আন বহু প্ৰকল্প হাতত লৈছে চৰকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/95d6c5e1-8138-4c3e-ad5f-37ddf31c9794/709e83e4_6e84_4260_94b3_af4ed14fd914.jpg)
আৰু পঢ়ক : কুৰুৱাবাহীত গঁড়ৰ আক্ৰমণত নিহত এজন...