ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় ১৭ ফুট উচ্চতাৰ গম্বুজৰ ওপৰত শিৱৰ মূৰ্তি নিৰ্মাণ

ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় ১৭ ফুট উচ্চতাৰ গম্বুজৰ ওপৰত শিৱৰ মূৰ্তি নিৰ্মাণ

ডিজিটেল সংবাদ, বিশ্বনাথঃ প্ৰায় ২০০ বছৰীয়া পৰিচয় বহন কৰি অহা গুপ্তকাশী বিশ্বনাথ ঘাটৰ এটা লেম্প পোষ্টে পালে সুকীয়া পৰিচয়। প্ৰকৃতিৰ মনোমোহা আৰু অপৰূপ সৌন্দৰ্য্যৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছিল লেম্প পোষ্টটো। কিন্তু কেইবছৰমান পূৰ্বে বুঢ়ালুইতৰ শক্তিশালী সোঁতৰ কবলত পৰি অৰ্ধ ভগ্ন অৱস্থাত আছিল এই লেম্প পোষ্টটো। তাৰ পিছতেই অন্য এক ৰূপ পাবলৈ সক্ষম হ'ল এই বিশেষ গম্বুজ তথা লেম্প পোষ্টটোৱে।

ছাইনিং গ্ৰীন আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত ৮ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ল শিৱৰ মূৰ্ত্তি সংলগ্ন জলপৃষ্ঠৰ পৰা ১৭ ফুট উচ্চতাৰ এই গম্বুজ। অৱশ্যে, ইতিমধ্যে নিৰ্মাণকাৰী অনুষ্ঠানটোৱে সম্পূৰ্ণ ব্যায় বহন কৰা লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিধায়ক পুঁজিৰ দ্বাৰা তিনি লাখ টকা আৱন্টন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিবলৈ দিছে ছাইনিং গ্ৰীন আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ স্বতাধিকাৰীয়ে।

উল্লেখ্য যে পশ্চিম বংগৰ পৰা ক্ৰয় কৰি অনা এই শিৱৰ মূৰ্তি ইতিমধ্যে মাংগলিক নিয়মৰ মাজেৰে স্থাপন কৰা হ'ল গম্বুজত, লগতে মূৰ্ত্তিটো নিশাৰ ভাগত উজলি উঠিবলৈ সংস্থাপন কৰা হৈছে শৌৰ শক্তি চালিত লাইট। তাৰ পিছতেই অন্য এক ৰূপ পাবলৈ সক্ষম হোৱা এই পৰিৱেশে এতিয়া আকৰ্ষিত কৰি তুলিছে সকলোকে। বহু বছৰৰ পৰা পৰিকল্পনা কৰি অহা ছাইনিং গ্ৰীন আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ স্বতাধিকাৰী তথা পৰ্যটন অনুৰাগী ড' কিশোৰ হাজৰিকা আৰু তেখেতৰ সহধৰ্মিনী স্নিগ্ধা জ্যোতি গোস্বামীৰ নেতৃত্বত পৰ্যটনৰ মানচিত্ৰত আন এক ৰূপ পাবলৈ সক্ষম হ'ল এই বিশেষ লেম্প পোষ্টটোৱে ।

ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় ১৭ ফুট উচ্চতাৰ গম্বুজৰ ওপৰত শিৱৰ মূৰ্তি নিৰ্মাণ
অৰুণ ৰায়ৰ যোগদানে ইউপিপিএল দলক শক্তিশালী কৰি তুলিবঃ প্ৰমোদ বড়ো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in