বিশ্বনাথৰ ৪ গৰাকী বিডিঅ'ক নিলম্বনঃ কেলেংকাৰীৰ CBI ৰ তদন্তৰ দাবী...

বিশ্বনাথৰ ৪ গৰাকী বিডিঅ'ক নিলম্বনঃ কেলেংকাৰীৰ CBI ৰ তদন্তৰ দাবী...
বিশ্বনাথৰ ৪ গৰাকী বিডিঅ'ক নিলম্বনঃ কেলেংকাৰীৰ CBI ৰ তদন্তৰ দাবী...

ডিজিটেল সংবাদ বিহালীঃ বিত্তীয় খেলিমেলিত জড়িত থকাৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে যোৱা ২১ ডিচেম্বৰত নিলম্বন কৰা অসমৰ ৮ গৰাকী বিডিঅ'ৰ ৪ গৰাকীয়ে বিশ্বনাথ জিলাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা কংগ্ৰেছে বহু উচ্চ পৰ্যায়ৰ ব্যক্তি জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আজি এক সংবাদমেল যোগে সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰ বাবে দাবী কৰে ।

উল্লেখ্য যে, বিশ্বনাথ জিলাৰ চতিয়াৰ বিডিঅ' পলক কুমাৰ শৰ্মা, বিশ্বনাথৰ বিডিঅ' ৰশ্মিৰেখা মহন্ত, সাকোমঠাৰ বিডিঅ' গৌতম কুমাৰ শৰ্মা আৰু ছয়দুৱাৰৰ বিডিঅ' অৰুণ কুমাৰ দাসৰ সৰ্বমুঠ ২ কোটি ১৫ লাখ টকাৰ বিত্তীয় অনিয়মৰ বিষয়ে জ্ঞাত হৈ বিভাগে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰত বিভাগ সন্তুষ্ট নহৈ যোৱা ২১ ডিচেম্বৰ তাৰিখে আটাইকেইগৰাকীকে নিলম্বন কৰে ।

জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই অভিযোগ কৰে যে, ৰাজনৈতিক ছত্ৰছায়াত থকাৰ বাবেই বিডিঅ'সকলে ইমানদিনে নিৰ্বিঘ্নে অনিয়ম সংঘটিত কৰিবলৈ সাহস পাইছিল । এইক্ষেত্ৰত বিডিঅ'সকলৰ সমান্তৰালকৈ ব্লকত কৰ্মৰত একাউণ্টেণ্ট আৰু ভেণ্ডৰসকলকো তদন্তৰ মাজলৈ আনিবলে দাবী জনায় ।

জিলা কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে যে, দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্ল'গান দিয়া শাসকীয় বিজেপি দলৰ ৩ গৰাকী বিধায়কে চকু মুদা কুলিৰ ভাও দিছে নেকি? এইক্ষেত্ৰত কংগ্ৰেছে বিশ্বনাথ জিলাখনত প্ৰশাসনে এমজিএনৰেগাৰ আঁচনিসমূহৰ চৰজমিন তদন্ত কৰাৰ দাবী তোলে ।

মুখপাত্ৰগৰাকীয়ে কয়, বিভাগীয় তদন্ত হ'লে কেৱল বিডিঅ' কেইগৰাকী হে শাস্তিৰ সন্মুখীন হ'ব, কিন্তু চিবিআইৰ তদন্ত হ'লেহে এই দুৰ্নীতিৰ আঁৰত থকা সকলো ৰাজনৈতিক ছত্ৰছায়াত থকা ব্যক্তি ওলাই পৰিব ।

বিশ্বনাথৰ ৪ গৰাকী বিডিঅ'ক নিলম্বনঃ কেলেংকাৰীৰ CBI ৰ তদন্তৰ দাবী...
শিলচৰ আৰক্ষীৰ সফলতাঃ ৫০ হাজাৰ নিচাযুক্ত টেবলেটৰ সৈতে ৫ জনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in