বিশ্বনাথত ৰোগী তথা সাংবাদিকৰ দলক দুৰ্ব্যৱহাৰ চিকিৎসকৰ

বিশ্বনাথত ৰোগী তথা সাংবাদিকৰ দলক দুৰ্ব্যৱহাৰ চিকিৎসকৰ

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত ৰোগী তথা সাংবাদিকৰ দলক দুৰ্ব্যৱহাৰ চিকিৎসকৰ

ডিজিটেল সংবাদ,বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসকে ৰোগীক দুৰ্ব্যৱহাৰ কৰা ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে বিশ্বনাথত এগৰাকী বৃদ্ধাই ভোটদান কৰি ঘৰলৈ উভতি অহা সময়ত বৃদ্ধাগৰাকীক মহতিয়াই নিয়ে তীব্ৰবেগী বাহনে। ফলত গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ স্থানীয় ৰাইজে প্ৰেৰণ কৰে।

Advertisment

উক্ত ঘটনা সংগ্ৰহ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হয় এটি সাংবাদিকৰ দল। দুৰ্ঘটনাৰ বাতৰিটো সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ডা০ ছাহবাজ ইমাম নামৰ এজন চিকিৎসকে সাংবাদিকক বাধা প্ৰদান কৰা লগতে দলটোক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ফলত চিকিৎসালয়ত থকা অন্য ৰোগীসকল উত্তেজিত হৈ পৰে। কাৰণ চিকিৎসকগৰাকীয়ে পূৰ্বে ৰোগীকো তীব্ৰ দুৰ্ব্যৱহাৰ কৰা অভিযোগ উত্থাপন কৰে চিকিৎসালয়ৰ অন্য ৰোগীসকলে। ইয়াৰোপৰি চিকিৎসালয়ত অহা কেইবাগৰাকী জৰুৰীকালিন ৰোগীক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ কৰিছে একাংশ ৰোগীৰ অভিভাৱকে।

জানিব পৰা মতে চিকিৎসক ছাহবাজ ইমাম তেজপুৰ মেডিকেল কলেজৰ পৰা বিশ্বনাথ চাৰিআলি চিকিৎসালয়ত ৩ মাহৰ বাবে বি আৰ পি হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহিছে। উল্লেখ্য যে,চিকিৎসকে ৰোগীক চিকিৎসাৰ পৰিৱৰ্তে এনে দুৰ্ব্যৱহাৰ কৰা কথাই স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Also Read: কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচনাঃ নদুৱাৰ সমষ্টিৰ পাচমাইলত উত্তেজনা...

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় বিশ্বনাথ