কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচনাঃ নদুৱাৰ সমষ্টিৰ পাচমাইলত উত্তেজনা...

কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচনাঃ নদুৱাৰ সমষ্টিৰ পাচমাইলত উত্তেজনা...

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচনাঃ নদুৱাৰ সমষ্টিৰ পাচমাইলত উত্তেজনা...

ডিজিটেল সংবাদ, জামগুৰিহাটঃ শোনিতপুৰ লোকসভা সমষ্টিৰ অধিনৰ নদুৱাৰ বিধান সভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল পাচমাইলৰ মকুৱা প্ৰাথমিক বিদ্যালয়ৰ ২১৬ নং বিহিয়া গাওঁ ভোটকেন্দ্ৰত উত্তেজনাময় পৰিৱেশ ৷ কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচিত কৰি থকা দুজন কংগ্ৰেছীক লৈ সৃষ্টি হয় হূলস্থূলীয়া পৰিৱেশ ৷ ফলত বহু সময় ধৰি বন্ধ হৈ পৰে ভোটদান প্ৰক্ৰিয়া ৷ পাচত ভোটাৰ ৰাইজৰ অভিযোগৰ ভিত্তিত দুয়োগৰাকীকে আৰক্ষীয়ে আটক কৰে ৷

Advertisment

ঘটনাৰ বিৱৰণী অনুযায়ী ভোটকেন্দ্ৰটোত মুচকান বেগম আৰু ছাইফুল ইছলাম নামৰ ব্যক্তি দুগৰাকীয়ে ভোটকেন্দ্ৰত সোমাই ভোটাৰ ৰাইজক কংগ্ৰেছক ভোট দিবলৈ প্ৰৰোচিত কৰি থাকোতেই একাংশ ৰাইজ উত্তেজিত হৈ পৰে ৷ পাচত আৰক্ষীয়ে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰে আৰু নিৰ্বাচনী বিষয়াৰ এজাহাৰ মৰ্মে এক গোচৰ পঞ্জীয়ন কৰে ৷

উল্লেখ্য যে বিগত দিনসমুহত মুচকান বেগম নামৰ অগপ দলৰ মহিলা নেতৃ গৰাকীয়ে অগপৰ মুখপাত্ৰ পাৰ্থ প্ৰতীম বৰাৰ সহিতে ৰনজিত দত্তৰ বাসগৃহত গৈ বিভিন্ন সময়ত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাও দেখা গৈছিল ৷ মন কৰিবলগীয়া যে মুচকান বেগম বীমা সখীৰ পৰামৰ্শ দাতা আৰু ছাইফুল ইছলাম বি এল অ হিচাপে ভোটকেন্দ্ৰটোত নিয়োজিত আছিল ৷

নদুৱাৰ সমষ্টি