/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/56362cf9-dde6-4739-bafb-f2ac24d650bd/wushu.jpg)
উশ্বু ৰেফাৰিৰ প্ৰশিক্ষণ
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সমগ্ৰ বিশ্বতে বৰ্তমান জনপ্ৰিয় হৈ পৰিছে সমৰ কলাৰ এক বিশেষ খেল উশ্বু। এই খেলক ইতিমধ্যে অলিম্পিকেও স্বীকৃতি প্ৰদান কৰিছে।
চতিয়াৰ খাটোৱাল গাঁৱত পদ্ম জাইৰো নামৰ এগৰাকী যুৱকৰ নিজাববীয়া প্ৰচেষ্টাত উশ্বু মেচিনেৰি নামেৰে এক প্ৰশিক্ষণ কেন্দ্ৰৰ জড়িতে বিশ্বনাথ জিলাখনৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । ইতিমধ্যেই প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰি কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰৰ্যায়ত উজলি উঠিছে।
বৰ্তমান জনপ্ৰিয় হৈ পৰা উশ্বু প্ৰতিযোগিতাসমূহ পৰিচালনাৰ বাবে যাতে বিশ্বনাথ জিলা খনত নতুন ৰেফাৰি সৃষ্টি কৰিব পৰা যায় তাৰ লক্ষ্য আগত ৰাখি চতিয়াৰ উশ্বু মেচিনেৰিত মঙলবাৰে উশ্বু ৰেফাৰিৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। ৰেফাৰিৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে বহু কেইজন খেলুৱৈয়ে ।
Also Read: নামত চৰকাৰী চিকিৎসক সেৱা আগবঢ়ায় ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত...