নামত চৰকাৰী চিকিৎসক সেৱা আগবঢ়ায় ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত...

চৰকাৰী খণ্ডৰ চিকিৎসকে ব্যক্তিগত প্ৰতিষ্ঠানত সেৱা আগবঢ়াই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া । পুনৰ এনে অভিযোগ উত্থাপিত হৈছে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ এজন চিকিৎসকৰ বিৰুদ্ধে । চিকিৎসালয়ৰ একমাত্ৰ ৰেডিঅলোজিষ্ট ডাঃ আৰিফ আহমেদে কৰ্তব্যক ফাঁকি দি আল নুৰ ডাইগোনোষ্টিক চেণ্টাৰত নামৰ এখন ব্যক্তিগত খণ্ডৰ অনুষ্ঠানত দিনে-নিশাই ধনৰ বিনিময়ত সেৱা আগবঢ়াই অহাৰ অভিযোগ উত্থাপন হৈছে
চৰকাৰী চিকিৎসক
চৰকাৰী চিকিৎসক

প্ৰতিদিন সংবাদ, দক্ষিণ শালমাৰাঃ চৰকাৰী খণ্ডৰ চিকিৎসকে ব্যক্তিগত প্ৰতিষ্ঠানত সেৱা আগবঢ়াই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া । পুনৰ এনে অভিযোগ উত্থাপিত হৈছে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ এজন চিকিৎসকৰ বিৰুদ্ধে । চিকিৎসালয়ৰ একমাত্ৰ ৰেডিঅলোজিষ্ট ডাঃ আৰিফ আহমেদে কৰ্তব্যক ফাঁকি দি আল নুৰ ডাইগোনোষ্টিক চেণ্টাৰত নামৰ এখন ব্যক্তিগত খণ্ডৰ অনুষ্ঠানত দিনে-নিশাই ধনৰ বিনিময়ত সেৱা আগবঢ়াই অহাৰ অভিযোগ উত্থাপন হৈছে ।

দীৰ্ঘদিনীয়া এই অভিযোগক লৈ মঙলবাৰে অসমীয়া প্ৰতিদিনৰ দক্ষিণ শালমাৰাৰ বিশেষ সংবাদদাতা দিনৰ প্ৰায় ১২ বজাত হাটশিঙিমাৰী অসমাৰিক চিকিৎসালয়ত উপস্থিত হয় । আজিৰ দিনটোত হাস্পাতালখনত কোন কোন চিকিৎসকৰ ডিউটি আছে তাক লৈ চৰজমিন তদন্ত কৰাৰ পাছতে চিকিৎসালয়খনৰ একমাত্ৰ ৰেডিঅলোজিষ্ট ডাঃ আৰিফ আহমেদ চিকিৎসালয় খনত অনুপস্থিত থাকে ।

মহকুমা চিকিৎসালয়খনৰ পৰা জনোৱা মতে, ডাঃ আৰিফ আহমেদৰ আজি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ হাস্পাতাল খনত ডিউটি আছিল। কিন্তু তেওঁ হাস্পাতালখনত অনুপস্থিত থাকি হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত থকা আল নুৰ ডাইগোনোষ্টিক চেণ্টাৰত ধনৰ বিনিময়ত ৰোগী সকলক চিকিৎসা সেৱা চলায় ।

সাংবাদিকে ডাইগোনোষ্টিক চেণ্টাৰত উপস্থিত হৈ ডাঃ আৰিফ আহমেদক উক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উপস্থিত পায় । সাংবাদিকৰ আছুতীয়া প্ৰশ্নৰ উত্তৰ চিকিৎসক জনে কয়, হাটশিঙিমাৰী মহকুমা চিকিৎসালয়ত ৰেডিঅলোজিৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ পাতি নষ্ট হৈ আছে ।

সেয়ে তেওঁ চৰকাৰী হাস্পাতালত এনেই বহি থকাতৈ ব্যক্তিগত খণ্ডৰ অনুষ্ঠানত চিকিৎসা সেৱা চলাই আছে । অসমীয়া প্ৰতিদিনৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত তেওঁ নিজে কেমেৰাৰ আগত নিজৰ চৰকাৰী ডিউটি বাদ দি এইদৰে ব্যক্তি খণ্ডৰ অনুষ্ঠান এখনত ৰোগীক ধনৰ বিনিময়ত চিকিৎসা সেৱা আগবঢ়াই নিয়াৰ বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰে।

চিকিৎসকজনৰ এই বিস্ফোৰক স্বীকাৰোক্তিয়ে জিলাখনৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জিলা বিজেপিৰ উপ-সভাপতি মনিৰুজ্জামান মনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰী দৰমহা দিয়া চিকিৎসক জনে ডিউটিৰ সয়মত ব্যক্তিগত খণ্ডৰ অনুষ্ঠানত কাম কৰাটো অতিকৈ দূৰ্ভাগ্যজনক। এনে চিকিৎসকৰ বিৰুদ্ধে চৰকাৰ তথা স্বাস্থ্য বিভাগে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁ দাবী উত্থাপন কৰে।

ইফালে হাটশিঙিমাৰী মহকুমা অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ চক্ৰধৰ বৰ্মন কয় যে ডাঃ আৰিফ আহমেদৰ আজি ডিউটি আছে যদিও তেওঁ হাস্পাতালত অনুপস্থিতত থকাৰ বাবে ইতিমধ্যে হাস্পাতালখনৰ অধীক্ষকে তেওঁক উপস্থিত বহীত অনুপস্থিত বুলি দেখুৱাইছে । ঘটনাক লৈ টেলিফোনযোগে অধীক্ষক ডাঃ ছামছুল হক কয় যে ডিউটি থকা সকলো চৰকাৰী চিকিৎসক পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ হাস্পাতালত উপস্থিত থাকি ৰোগীক সেৱা আগবঢ়াই নিয়াৰ বাবে অধীক্ষক জনে সোমবাৰে এক নিৰ্দেশনা দিছিল ।

এনেকি ডাঃ আৰিফ আহমেদ আজি হাস্পাতালত উপস্থিত নাথাকে বুলি কোনো ধৰণৰ লিখিত বা মৌখিক আবেদনও কৰা নাছিল । চৰকাৰী নিৰ্দেশনা অমান্য কৰি ডাঃ আৰিফ আহমেদ নিজৰ মুনাফাৰ বাবে চৰকাৰী হাস্পাতালত অনুপস্থিত থাকি ব্যক্তিগত খণ্ডৰ হাস্পাতালত চিকিৎসা উপস্থিত হৈ ৰোগীক সেৱা চলাই থকা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে তেওঁৰ কৰ্তব্যক ফাঁকি দিয়া চিকিৎসক ডাঃ আৰিফ আহমেদৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

চৰকাৰী চিকিৎসক
'নিগনি হত্যা'ৰ বাবে ৰুজু হ'ল গোচৰ, দাখিল কৰিলে ৩০ পৃষ্ঠাৰ অভিযোগ নামা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in