হিট এণ্ড ৰাণ প্ৰত্যাহাৰৰ দাবী বিশ্বনাথ জিলা কংগ্ৰেছৰ

হিট এণ্ড ৰাণ প্ৰত্যাহাৰৰ দাবী বিশ্বনাথ জিলা কংগ্ৰেছৰ

কেন্দ্ৰীয় চৰকাৰে চালকসকলৰ ওপৰত হিট এণ্ড ৰাণ নামৰ যি কলা আইন প্ৰৱৰ্তন কৰিছে এই কলা আইনখন চৰকাৰে অতি শীঘ্ৰেই প্ৰত্যাহাৰ কৰিব লাগে

ডিজিটেল সংবাদ,বিহালী : কেন্দ্ৰীয় চৰকাৰে যান-বাহন নতুন আইন প্ৰণয়ন কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চালকসকলে। অসমৰ মটৰ শ্ৰমিক সংগঠন সমুহৰ যৌথ মঞ্চই শনিবাৰে পুৱা ৫-০০ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ ৪৮ঘন্টীয়া চকা বন্ধ কাৰ্যসুচী ৰূপায়ন কৰিছে।

মটৰ শ্ৰমিক সংগঠনৰ এই চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে বিশ্বনাথ জিলা কংগ্ৰেছে। এক বিবৃতিযোগে বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ তুষাৰ বৰাই কয় যে,কেন্দ্ৰীয় চৰকাৰে চালকসকলৰ ওপৰত হিট এণ্ড ৰাণ নামৰ যি কলা আইন প্ৰৱৰ্তন কৰিছে এই কলা আইনখন চৰকাৰে অতি শীঘ্ৰেই প্ৰত্যাহাৰ কৰিব লাগে।

এই আইনখনে চালকসকলৰ জীৱন নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। চালকসকলে কোনো দুৰ্ঘটনা সংঘটিত কৰিলে ১০ লাখ টকাৰ জৰিমণাৰ লগতে ৭বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড হ'ব। এই আইনখনৰ বিৰুদ্ধে সমগ্ৰজুৰি যোৱা ১ জানুৱাৰীৰ পৰাই তীব্ৰ প্ৰতিবাদ কৰি আছে বিভিন্ন মটৰ পৰিবহন শ্ৰমিক সংগঠনে।

সমান্তৰালভাৱে বিশ্বনাথ জিলাতো চালক সকলে চৰকাৰৰ এই কলা আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে এই আইনখন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলিও মটৰ শ্ৰমিক সংগঠনসমূহে চৰকাৰক সকীয়নি প্ৰদান কৰিছে । মটৰ পৰিবহন শমিক সংগঠন সমুহে চৰকাৰৰ এই হিট এণ্ড ৰাণ আইন খনৰ বিৰুদ্ধে কৰা যিকোনো অহিংস আন্দোলনৰ প্ৰতি বিশ্বনাথ জিলা কংগ্ৰেছৰ পূৰ্ণ সমৰ্থন আৰু সহযোগ থাকিব বুলিও বিবৃতিত প্ৰকাশ কৰিছে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ তুষাৰ বৰাই।

হিট এণ্ড ৰাণ প্ৰত্যাহাৰৰ দাবী বিশ্বনাথ জিলা কংগ্ৰেছৰ
আজিৰে পৰা তিৱা চলচ্চিত্ৰ মহোৎসৱ-২০২৪
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in