/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/96577697-22cf-4789-a3dc-33133debb6f2/AP_FOR_WEB_tiwa.jpg)
ডিজিটেল ডেস্ক : আজিৰে পৰা দাঁতি চহৰী সাংস্কৃতিক সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আজিৰে পৰা তিৱা চলচ্চিত্ৰ মহোৎসৱ-২০২৪। ৬ আৰু ৭ জানুৱাৰী এই দুদিনীয়া কাৰ্য্যসূচীৰে নগাঁও জিলাৰ আমচৈৰ বুঢ়াৰজাগাঁও খেলপথাৰত আয়োজন কৰা হৈছে এই মহোৎৱখনি।
কাৰ্য্যসূচী অনুসৰি মহোৎখনিৰ শুভউদ্বোধন কৰিব ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত তথা মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই। অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব দুৰদৰ্শন কেন্দ্ৰ তথা আকাশবাণীৰ প্ৰাক্তন উপ-সঞ্চালক দেৱেন্দ্ৰ বসুমতাৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/8fce5b46-1937-40cb-a5be-179bce5b23ce/30fa4316_b715_42d1_8b04_67f50c0eface.jpg)
আনহাতে মুখ্য অতিথিৰ আসন অলংকৃত কৰিব সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক মুকুল ৰাভাই। উল্লেখযোগ্য যে 'ফায়াৰ অন এডজ' নামৰ চুটি ছবিখনৰে আৰম্ভ কৰা হ'ব তিৱা চলচ্চিত্ৰ মহোৎসৱ-২০২৪ শীৰ্ষক অনুষ্ঠান। ছবিখন পৰিচলনা কৰিছে প্ৰণৱজ্যোতি ডেকা আৰু সুজিত দেৱবাৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/62891d63-3a1c-4591-b086-9e64a7a01d07/b3e2746e_0748_4319_83cf_6fe5ff19bc8f.jpg)
ইয়াৰ পিচতে দিনৰ ২-০০ বজাত প্ৰদৰ্শিত কৰা হ'ব 'চলমা' নামৰ পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি। পৰিচালক সুমীৰ দেউৰী। ইয়াৰ পিচতে উক্ত ছবিখনৰে জড়িতসকলৰ সৈতে এক চিনাকি পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/74711f56-c095-40a1-934f-3edf84216ef9/614c64da_d45b_43b9_aad9_d47e9183f811.jpg)
আনহাতে অনুষ্ঠানৰ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা ১০-৩০ বজাত উদয় ভাস্কৰ পাটৰৰ 'ক্ৰমৰ'ড' নামৰ চুটি ছবিখন প্ৰদৰ্শন কৰিব। ইয়াৰ পিচতে 'ক্ৰমৰ'ড'ৰ কলা-কুশলী সমন্বিতে পৰিচালকৰে এক সম্বৰ্ধনা আৰু মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব।
বিয়লি ২-০০ বজাত ড০ ববী শৰ্মা বৰুৱা পৰিচালিত 'ছিকাইছল' নামৰ ছবিখন প্ৰদৰ্শন কৰা হ'ব। আবেলি ৪-৩০ বজাত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিব। এই অনুষ্ঠানত উপস্থিত থাকিব গৌহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা শিক্ষাবিদ উপেন ৰাভা হাকাচাম। মুখ্য অতিথি হিচাপে থাকিব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ তুলিৰাম ৰংহাং আৰু বিধায়ক ৰমাকান্ত দেউৰী।
Also Read: ডিফুত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ