সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত কঁপিল বিশ্বনাথ...

বিভিন্ন দাবী জনাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত কঁপিল বিশ্বনাথ...

ডিজিটেল সংবাদ, বিশ্বনাথ : সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতিৰ সহযোগত শুকুৰবাৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

অসমৰ আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰা, অতি শীঘ্ৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা, অসমৰ বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক "The Forest Rights Act (FRA) 2000" অধীনত পৰম্পৰাগত বনবাসী হিচাপে পট্টা প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী গোষ্ঠী "Tea Tribes, Ex-Tea Tribes, Tea Garden Labour" ইত্যাদি নামৰ সলনি আদিবাসী চাওঁতাল, এবাং মুণ্ডা, গড়, খাৰিয়া, প্রজা ইত্যাদি নামেৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা ইত্যাদি দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে বিশ্বনাথ চাৰিআলিস্থিত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমিত কিণ্ডো, সাধাৰণ সম্পাদক অমৃত মুণ্ডা, উপ সভাপতি প্ৰবীণ উৰাং, প্ৰচাৰ সম্পাদক মনেশ্বৰ মুণ্ডা, সাংগঠনিক সম্পাদক সুনীল কিশান, শিক্ষা বিভাগৰ আশিষ তপ্প উপস্থিত থাকে।

তদুপৰি বিশ্বনাথ আঞ্চলিক সমিতিৰ সভাপতি আগষ্ট মুণ্ডা, সম্পাদক মিঠু উৰাং, ঘিলাধাৰী আঞ্চলিক সভাপতি ধ্ৰুৱ কৰ্মকাৰ, বৰপথাৰ আঞ্চলিক সভাপতি চামুৱেল বাৰ্লাৰ লগতে আন বিষয়ববীয়া আৰু সদস্য সকলেও অংশ গ্ৰহণ কৰে।

Also Read: কৰুণ: কৰ্মৰত বাছৰ চকাত পৰি মৃত্যু হ'ল হেণ্ডিমেনৰ...

protest