নামৰূপ কছাৰী পথাৰ বড়ো গাঁৱৰ ৰাইজৰ লগত মত বিনিময় বিশ্বজিত দৈমাৰীৰ...

নামৰূপ কছাৰী পথাৰ বড়ো গাঁৱৰ ৰাইজৰ লগত মত বিনিময় বিশ্বজিত দৈমাৰীৰ...

ডিজিটেল সংবাদ, নামৰূপঃ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী শুকুৰবাৰে পুৱা  প্ৰায় ৮ বজাত নামৰূপস্থিত বড়ো অধ্যূসিত এলেকা কছাৰী পথাৰ গাঁৱত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে।  আজি পুৱা  অধ্যক্ষগৰাকী গাঁৱত উপস্থিত হৈয়েই  বড়োসকলৰ ইষ্ট বাথৌক সেৱা জনায় ।

ইয়াৰ  পিছতে এক উৎসৱ মুখৰ পৰিবেশত গাঁৱখনৰ বিভিন্ন জনে পৰম্পৰাগত মান বস্ত্ৰৰে সন্মান জনাই অধ্যক্ষগৰাকীক । স্থানীয় বিধায়ক তৰংগ গগৈ নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ উপস্থিত থকা মত বিনিময় অনুষ্ঠানটিত অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৰাইজক উদ্দেশ্যি কয়  যে কোনোৱেই জাতি জনগোষ্ঠীক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই। কেৱল নিজৰ সংস্কৃতি পৰম্পৰা ভাষা ৰক্ষা আৰু সুৰক্ষাৰ  বাবে সকলোৱে নিজকে  আত্ম নিয়োগ কৰিবলৈ আহ্বান জনায়।

নৱ প্ৰজন্মক শিক্ষা দীক্ষা নীতি নিয়ম জ্ঞাত কৰাবৰ বাবে নিজৰ ধৰ্ম, ভাষা, পৰম্পৰা, ৰীতি নীতি নিখুঁত আৰু শুদ্ধভাৱে  অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ঐক্য সংহতি বজাই ৰাখিবলৈ অন্য সকলো জাতিজনগোষ্ঠীৰ  ধৰ্মীয় ,সামাজিক অনুষ্ঠানত সহযোগ  কৰিবলৈও কয় অধ্যক্ষগৰাকীয়ে।

লগতে তেওঁ কয় যে ধৰ্মীয় কায্যসূচী অথবা সামাজিক কাৰ্যসূচীসমূহে এজনৰ পৰা আন জনৰ প্ৰতি আন্তৰিকতা বঢ়ায়।  ১২০ ঘৰ বড়ো জনগোষ্ঠীৰ লোক আৰু ১ শতাংশ অন্যান্য জনগোষ্ঠীৰ  লোক বাস কৰা গাঁৱখনৰ আন্তঃগাঁঠনি উন্নীতকৰণৰ বাবে অধ্যক্ষ গৰাকীয়ে ৪-৫ লাখ টকা সাহায্য হিচাপে প্ৰদান কৰাৰো আশ্বাস দিয়ে অধ্যক্ষগৰাকীয়ে। উল্লেখযোগ্য যে শেহতীয়াভাবে চৰ্চিত এক বিষয় ,অখিল গগৈৰ প্ৰসংগত সাংবাদিকে সোধা  প্ৰশ্নৰ উত্তৰত অধ্যক্ষ গৰাকীয়ে কয় এই ক্ষেত্ৰত  বিধানসভা দায়বদ্ধ নহয় যদিহে নিৰ্দোষী,তেন্তে সাব্যস্ত কৰিবলৈও বিভিন্ন প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া অৱলম্বন কৰিলেই হয় বুলি মন্তব্য কৰে।

বৃহস্পতিবাৰে গধূলি অধ্যক্ষগৰাকী  নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ  বিলাসীঅতিথি শালাত উপস্থিত হোৱাৰ পিছতে তাপ বিদ্যুৎ প্ৰকল্পৰ তৰফৰ পৰা মহাপ্ৰৱন্ধক মহম্মদ জাকিৰে  অধ্যক্ষগৰাকীক সম্বৰ্ধনা জনায়। লগতে  নামৰূপ প্ৰেছ এণ্ড ছচাঁইটি ক্লাব, নামৰূপ পৌৰসভা আৰু বিভিন্ন দলীয় কৰ্মকৰ্তাই অধ্যক্ষ দৈমাৰীক সম্বৰ্ধনা জনায় ।

বৃহস্পতিবাৰে নিশাই অসম পেট্ৰকেমিকেলৰ নিৰ্মাণৰত ৫০০ টন মিঠানল উৎপাদনক্ষম  প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে  নতুন প্ৰকল্পটোৰ  সন্দৰ্ভত আলোচনা কৰে। এ পি এলৰ আলোচনা কক্ষত হোৱা বৈঠকত স্থানীয় বিধায়ক তৰংগ গগৈৰ লগতে উদ্যোগটোৰ অধ্যক্ষ বিকুল ডেকা পৰিচালন সঞ্চালক ৰাজনিষ গগৈ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in