/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c126b6ff-bf31-483d-964a-4e49648858eb/Kazirrrrr.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন সমিতিৰ উদ্যোগত আৰু কাজিৰঙা শাখা কবি সন্মিলন, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, কাজিফুল যুৱ সংঘ, কথা-আৰণ্যক, কাজিৰঙা অধ্যয়ন চক্ৰ আৰু ৰাইজৰ সহযোগত মঙ্গলবাৰে কাজিৰঙাৰ বচাগাঁও নাট্যমন্দিৰত অনুষ্ঠিত হয় বিষ্ণু ৰাভা দিৱস৷ প্ৰতিকূল বতৰ আৰু সাম্ভাব্য প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া কাৰ্যসূচীৰ বিপৰীতে সন্ধিয়া অনুষ্টুপীয়াকৈ উদযাপন কৰা দিৱসটি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b9a99a36-e891-4894-bd17-54c2c32a6136/af2fee31_9a67_4e21_9576_4c2e49514263.jpg)
দিৱসটিৰ লগত সংগতি ৰাখি সন্ধিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভণি কৰে উদযাপন সমিতিৰ সভাপতি নীলপদ্ম শৰ্মাই৷ কাৰ্যকৰী সভাপতি দিব্যজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানত উপ-সভাপতি ধ্ৰুৱজ্যোতি সাহা, শিক্ষক যতীন বৰদলৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অনন্ত গগৈ, সমাজৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা প্ৰহ্লাদ বৈষ্ণৱ বৰুৱা, ৰুবুল দত্ত, দীপিকা শইকীয়া, জীনা গগৈ, নিজান দত্ত, ক্ষীৰোদ শৰ্মা, প্ৰসেনজিৎ দুৱাৰা আদিয়ে সমগ্ৰ এলেকাটো বন্তি প্ৰজ্বলনেৰে আলোকিত কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ee54ae97-a24a-4013-b43a-1f18d235a5cb/af746d37_02a1_4561_af27_7dfeb1694c54.jpg)
অনুষ্ঠানত উদযাপন সমিতিৰ সম্পাদকদ্বয় বিতোপন মাঝি আৰু ৰেৱত মহন্তই গীত পৰিৱশন কৰে৷ তদুপৰি কণমানি নৱনীতা গগৈ আৰু অঞ্জলি বৰাই বিষ্ণু ৰাভাৰ গীতত একক নৃত্য প্ৰদৰ্শন কৰাৰ লগতে লাতাছা গগৈৰ একক নৃত্য কৰে। বিভিন্নজনে কবিতা পাঠ কৰি সামগ্ৰিক অনুষ্ঠানটি জীপাল কৰি তোলে ৷ ইপিনে দিনৰ ভাগত চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° পূৰবী ভাগৱতী। সভাত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক এন. তামনা সিংহই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/27340744-9ea8-45cb-bc86-e7aa877980a2/7deeddbd_c5ea_406c_9628_beee33995ade.jpg)
অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ৰেৱত মহন্তই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পাৰমিতা খাখলাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। মুখ্য বক্তাই বিষ্ণু ৰাভাৰ ৰাজনৈতিক চেতনা, সাম্যবাদী দৃষ্টিভংগী তথা তেখেতৰ অমৰ সৃষ্টিসমূহৰ বিষয়ে বিশ্লেষণ আগবঢ়ায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰি প্ৰসন্ন ডেকা বৰুৱাই তেওঁৰ জীৱন দৰ্শন সম্পৰ্কে সংক্ষেপে আলোচনা কৰে। এই অনুষ্ঠানত শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° গীতিকা চহৰীয়াই কবিতা আবৃত্তি আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক চয়নিকা বৰাই গীত পৰিৱেশন কৰে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5282b3f1-1ae3-48f8-9164-eab306cc7f73/bf550fc2_5bc1_45f6_91c9_9228f5506671.jpg)
Also Read: ৰাজ্যৰ পাঁচগৰাকী বৰেণ্য ব্যক্তিক অসম সত্ৰ মহাসভাৰ বিশেষ উপাধি প্ৰদান...