গুণোৎসৱত দুৰ্বল প্রদর্শন : ঢকুৱাখনাৰ ৩৩ খন বিদ্যালয়ৰ প্ৰধানলৈ কাৰণ দৰ্শোৱাৰ জাননী

গুণোৎসৱত দুৰ্বল প্রদর্শন : ঢকুৱাখনাৰ ৩৩ খন বিদ্যালয়ৰ প্ৰধানলৈ কাৰণ দৰ্শোৱাৰ জাননী

ডিজিটেল সংবাদ,ঢকুৱাখনা : গুণোৎসৱ ২০২৩ত ঢকুৱাখনাৰ একাংশ বিদ্যালয়ৰ অতি হতাশাজনক আৰু দুৰ্বল প্ৰদৰ্শন। ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক আৰু সামূহিক মানদণ্ড পৰীক্ষণৰ হেতু অনুষ্ঠিত কৰা গুণোৎসৱ ২০২৩ত দুৰ্বল পাৰদৰ্শীতা প্রদর্শন কৰা শিক্ষানুষ্ঠানসমূহৰ প্ৰতি কঠোৰ হৈছে সমগ্ৰ শিক্ষা অভিযান অসম ।

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা গুণোৎসৱ ২০২৩ত লখিমপুৰ জিলাৰ ভিতৰত ভালেসংখ্যক চৰকাৰী খণ্ডৰ বিদ্যালয়ে প্রদর্শন কৰা এনে হতাশাজনক ফলাফলত বিতুষ্ট মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিষয়টোৰ কাৰণ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ উপায়ুক্ত সকলৰে অনুষ্ঠিত বৈঠকৰ পাছতে লখিমপুৰ জিলা উপায়ুক্ত শোণিত সত্বৱানে জিলাখনৰ বহু সংখ্যক বিদ্যালয়ৰ প্ৰধানলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱা জাননী। উপায়ুক্তগৰাকীৰ ডি এম চি /এছ এছ এ/ এল/২০২২-২০২৩/গুণোৎসৱ ৫৭/১৬৪ নম্বৰৰ নিৰ্দেশনাযোগে জিলাখনৰ অন্যান্য বিদ্যালয়ৰ উপৰিও ঢকুৱাখনা মহকুমাৰ ৩৩ খন বিদ্যালয়ৰ প্ৰধানলৈ  কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে।

মহকুমাটোৰ ৪০১ নং চৈগুৰি প্ৰাথমিক বিদ্যালয়,টামাৰগাঁও জনজাতি হাইস্কুল,নিগনিসুঁতি কুম্বাং এম ই স্কুল, নামনি খেৰকটা এম ই স্কুল, গন্ধিয়া তিনিআলি এল পি স্কুল, কঠালপৰা হাইস্কুল, নাহৰ বাৰী এল পি স্কুল,দাংধৰা বালিকা হাইস্কুল ,বৰঘুলি দাংধৰা এল পি স্কুল, অলিমুৰ দাংধৰা মিচিং এম ই স্কুল, মধুপুৰ এম ই স্কুল , ৫৪৪ নং গড়পৰা এল পি স্কুল, ৪৯৮ মাহ ধুৱা এল পি স্কুল, বচামুখ চাৰিআলি হাইস্কুল, মেধি চাপৰি লাগাছো এল পি স্কুল, মেধি সুঁতি হাইস্কুল, লক্ষীপুৰ জনজাতি এল পি স্কুল,দক্ষিণ বগৰী এল পি স্কুল, ৭৬৪ নং বগৰী গুৰি এল পি স্কুল, মদাৰগুৰি জনজাতি হাইস্কুল,ডঃ বি আৰ আম্বেদকৰ বালিকা হাইস্কুল,খেৰকটামুখ কনেঙ হাইস্কুল,জাঁজী দাংধৰা এল পি স্কুল, অল আচাম ৰেছিডেন্সীয়েল হাইস্কুল, নামনি আমলখি আদর্শ এল পি স্কুল, উজনি জালভাৰী এল পি স্কুল ,অভয়পুৰ নাহৰণী এল পি স্কুল, যোগীসুঁতি মিৰি এল পি স্কুল, অভয়াপূৰ নাহৰণি এল পি স্কুল, ভলুকাজান এল পি স্কুল, নতুন মোৱামাৰী এল পি স্কুল, আমলখি কুটুম এল পি স্কুল আৰু কপছান বৰমাটি এল পি স্কুলৰ প্ৰধান শিক্ষকলৈ উক্ত জাননী জাৰি কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰত্যুত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে।

বিদ্যালয় প্ৰধানসকললৈ জাৰি কৰা জাননীখনত শিক্ষাৰ্থীৰ শৈক্ষিক উত্তৰণ ঘটোৱাৰ স্বাৰ্থত প্ৰধানসকলে চৰকাৰী সেৱাৰ প্ৰয়োগ নকৰা আৰু বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলক পৰিচালনাত ব্যৰ্থ হোৱাৰ বাবে শিক্ষাৰ্থীসকলে উপযুক্ত পাৰদৰ্শিতা প্রদর্শন কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে। জাননীখনত উল্লেখিত অনুসৰি কি কাৰণত বিদ্যালয় প্ৰধান আৰু অন্য শিক্ষক কৰ্মচাৰীৰ ওপৰত কৰ্তব্য গাফিলতি কৰাৰ অপৰাধত কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব তাৰ প্ৰত্যুত্তৰ নিৰ্ধাৰিত সময়ত দিয়াৰ নিৰ্দেশ দিছে ।

চৰকাৰী সেৱা আৰু কৰ্তব্যত গাফিলতিৰ বাবেই নিৰ্বোধ  শিক্ষাৰ্থীসকলৰ শৈক্ষিক উত্তৰণ নোহোৱাৰ দৰে স্পৰ্শকাতৰ বিষয়টো উপায়ুক্তৰ হস্তক্ষেপত পোহৰলৈ আহিলে এনেবোৰ বিদ্যালয়ৰ প্ৰধান,শিক্ষক আৰু কৰ্মচাৰীয়ে যে কঠোৰ প্ৰশাসনিক প্ৰত্যাহ্বানৰ সন্মুখীন হব সেয়া নিশ্চিত।

গুণোৎসৱত দুৰ্বল প্রদর্শন : ঢকুৱাখনাৰ ৩৩ খন বিদ্যালয়ৰ প্ৰধানলৈ কাৰণ দৰ্শোৱাৰ জাননী
মুকলি আকাশৰ তললৈ শৃংখল চলিহা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in