'লাচিত দ্যা ৱাৰিয়ৰ'লৈ বিৰচামুণ্ডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেটেড চুটি চলচ্চিত্ৰ বঁটা

'লাচিত দ্যা ৱাৰিয়ৰ'লৈ বিৰচামুণ্ডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেটেড চুটি চলচ্চিত্ৰ বঁটা
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমবাসীলৈ আন এক সুখবৰ। লাচিত দ্যা ৱাৰিয়ৰলৈ বিৰচামুণ্ডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেটেড চুটি চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হয়। চেন্নাইত অনুষ্ঠিত হৈছিল এই মহোৎসৱ। লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰ ওপৰত নিৰ্মিত হৈছে এই চুটিছবি "লাচিত: দ্য ৱাৰিয়াৰ"।

পাৰ্থসাৰথি মহন্তৰ পৰিচালনা আৰু মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাত প্ৰকাশ পোৱা এই চুটিছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰী। ছবিখনে লাভ কৰা এই শ্ৰেষ্ঠত্বৰ খিতাপৰ বাবে এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে অসমৰ সাংস্কৃতিক জগত।

ছবিখনৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ অনুপম মহন্ত, ষ্টৰী বৰ্ডিং হৃষিকেশ বৰা আৰু ভিএফএক্স কৰিছে ৰাতুল দত্তই। মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱকে ধৰি এতিয়ালৈকে ৮ খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাচিত দ্য ৱাৰিয়াৰ প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে।

ছবিখন গোৱাত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় ভাৰতীয় পেনোৰামাৰ বাবেও নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বেও এইখন চুটিছবিয়ে বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

'লাচিত দ্যা ৱাৰিয়ৰ'লৈ বিৰচামুণ্ডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেটেড চুটি চলচ্চিত্ৰ বঁটা
দিল্লী কুশলে থাকক....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in