চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেণ শৰ্মাৰ দেহাৱসান

চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেণ শৰ্মাৰ দেহাৱসান

author-image
asomiyapratidin
New Update
চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেণ শৰ্মাৰ দেহাৱসান

ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়া জিলাৰ অন্যতম অগ্ৰণী তথা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ শৰ্মা (৮৩)ৰ মঙলবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে ৷ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষকজনক কালি উন্নত চিকিৎসাৰ হেতু ডিব্ৰুগড়লৈ নি থকাৰ পথত মৃত্যু হয় ৷

Advertisment

উল্লেখ্য যে নগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত শৰ্মাই নিজ জন্মস্থানতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংকশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ কিছুদিনৰ বাবে নগাঁও মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত তেখেতে তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলে ৷

তিনিচুকীয়া চহৰৰ চলিহা নগৰ নিবাসী বীৰেন শৰ্মাৰ অংক শাস্ত্ৰত আছিল অগাধ ব্যুৎপত্তি ৷ বিগত ১৯৯৩ চনৰ পৰা ২০০২ চনলৈ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ আসন শুৱনি কৰা শৰ্মাই নিজৰ পাণ্ডিত্য, গম্ভীৰ ব্যক্তিত্ব আৰু অনুশাসনৰ বাবে ছাত্ৰ সমাজৰ শ্ৰদ্ধা আৰু সমীহ আদায় কৰিবলৈ সক্ষম হৈছিল ৷

মৃত্যুৰ সময়ত তেখেতে পত্নী, দুগৰাকী কন্যা, জোঁৱাই, নাতিনী আৰু অগণন গুণমুগ্ধক ইহসংসাৰত এৰি গৈছে ৷ কালি নিশা তিনিচুকীয়াৰ ৰাজহুৱা শ্মশানত বহুসংখ্যক লোকৰ উপস্থিতিত তেখেতৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হয় ৷ ভিন ভিন বৃত্তিৰ লগত জড়িত হৈ অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশত থিতাপি লোৱা বীৰেন শৰ্মাৰ প্ৰাক্তন ছাত্ৰসকলে তেওঁলোকৰ প্ৰিয় ছাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

আৰু পঢ়ক: কলিকতাত গৰমে দহিলে, মৰমে কাঢ়িলে KK ক…

assam tinsukia