জামুগুৰিহাটৰ ইটাখোলাত দুষ্প্ৰাপ্য চৰাই উদ্ধাৰ

জামুগুৰিহাটৰ ইটাখোলাৰ জংঘল বস্তিত শনিবাৰে পুৱা উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য চৰাই।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ ইটাখোলাত  দুষ্প্ৰাপ্য চৰাই উদ্ধাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ জংঘল বস্তিত শনিবাৰে পুৱা উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য চৰাই। স্থানীয় নিৱাসী সাবিত্ৰী বেনাৰ্জীৰ ঘৰৰ মুধচত উক্ত চৰাইটো বহি থকা প্ৰত্যক্ষ কৰি গাঁৱৰে এগৰাকী সচেতন যুৱক চন্দন সাহাই স্থানীয় সাংবাদিক আৰু দিপলোঙা বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়ে ।

ইয়াৰ পিছতে বনবিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ দুষ্প্ৰাপ্য চৰাই পৰ্যবেক্ষণ কৰি অসুস্থ অৱস্থাত থকা চৰাইটোক বনবিভাগক চমজাই দিয়ে ৰাইজে।দিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ দল আহি কেতিয়াও নেদেখা চৰাইটোৰ কথা উল্লেখ কৰি ৰাইজৰ হাতৰ পৰা চমজি লয়।

চৰাই দুটা প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে বন বিভাগৰলোকে ৷দুস্প্ৰাপ্য চৰাইটো সুস্থ হৈ উঠিলে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে৷

Also Read: জোনমণি কাণ্ডঃ জামিন লাভ ট্ৰাকচালক সুমিত কুমাৰৰ

jamugurihat