সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৬১৮ স্থান লাভ জোনাইৰ ৱিনচেন চইলেমথাং ৱাইফেইৰ

ধেমাজি জিলাৰ জোনাই মহকুমা সদৰৰ নিৱাসী মেধাৱী ছাত্ৰ ৱিনচেন চইলেমথাং ৱাইফেইয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত   ৬১৮ স্থান লাভ জোনাইৰ ৱিনচেন চইলেমথাং  ৱাইফেইৰ

ডিজিটেল সংবাদ, জোনাইঃ আজি ঘোষণা কৰা সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ধেমাজি জিলাৰ জোনাই মহকুমা সদৰৰ নিৱাসী মেধাৱী ছাত্ৰ ৱিনচেন চইলেমথাং ৱাইফেইয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৱিনচেন চইলেমথাং ৱাইফেইৰ উত্তীৰ্ণৰ খবৰে সীমান্তৱৰ্তী জোনাই মহকুমালৈ গৌৰৱ আৰু আনন্দ কঢ়িয়াই আনে।

Advertisment

উল্লেখযোগ্য যে সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৱিনচেন চইলেমথাং ৱাইফেইয়ে ৬১৮ স্থান দখল কৰি উত্তীৰ্ণ হৈছে। জোনাই সদৰৰ জুবলী মডেল হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ খোপলাল ৱাইফেই আৰু মাতৃ কল্পনা ৱাইফেইৰ সুযোগ্য সন্তান ৱিনচেন চইলেমথাং ৱাইফেইয়ে জুবলি মডেল হাইস্কুলৰ পৰা ২০১৪ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০১৬ চনত জোনাই কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

তাৰ পিছত কটন বিশ্ববিদ্যালয়ৰ পৰা ২০১৯ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৱিনচেন চইলেমথাং ৱাইফেইৰ সফলতাত পৰিয়াল লগতে তেওঁৰ অধ্যয়ন কৰা জুবলী মডেল হাইস্কুল আৰু জোনাই কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ত আনন্দৰ পৰিৱেশ দেখা দিয়ে।

Also Read: পিতৃ-মাতৃহীনা প্ৰশান্তই ৫ টা বিষয়ত পালে লেটাৰ মাৰ্ক, উচ্চ শিক্ষাৰ বাবে আইতাকে বিচাৰিছে সহায়

upsc result