নৱ কুমাৰ শৰণীয়াৰ বিকল্প প্ৰাৰ্থী বিনীতা ডেকা

নৱ কুমাৰ শৰণীয়াৰ বিকল্প প্ৰাৰ্থী বিনীতা ডেকা

author-image
Asomiya Pratidin
New Update
নৱ কুমাৰ শৰণীয়াৰ বিকল্প প্ৰাৰ্থী বিনীতা ডেকা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাৰ পিছত এইবাৰ নৱ কুমাৰ শৰণীয়াই বিকল্প প্ৰাৰ্থী হিচাপে বিনীতা ডেকাৰ নাম ঘোষণা কৰিছে । সোমবাৰে কোকৰাঝাৰত আয়োজিত এক সংবাদমেলত প্ৰাৰ্থী বিনীতা ডেকাক লগত লৈ নৱ কুমাৰ শৰণীয়াই কয় যে অসম চৰকাৰে তেওঁৰ সতে যি ব্যৱহাৰ কৰিলে , যেনেদৰে প্ৰতাৰণা কৰা হ'ল তাৰ প্ৰত্যুত্তৰ হিচাপে কোকৰাঝাৰত টৰ্চ লাইট জ্বলিবই ।

নৱ কুমাৰ শৰণীয়া প্ৰাৰ্থী নোহোৱাৰ বাবে আজি সকলোৱে মৰ্মাহত হৈছে , ৰাজনীতিত উত্থান -পতন থাকেই বুলি মন্তব্যৰে নৱ কুমাৰ শৰণীয়াই তেওঁৰ বিকল্প হিচাপে বিনীতা ডেকাক ভোট দিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে । তেওঁক নিৰ্বাচন খেলাৰ পৰা অবৈধভাৱে যেনেদৰে বাৰণ কৰা হ'ল সেয়া পিছলৈ প্ৰত্যাহ্বান জনাব পৰা যাব কিন্তু পোণপ্ৰথনে জিএচপিৰ প্ৰাৰ্থী বিনীতা ডেকাক নিৰ্বাচনত জয়ী কৰাই লওঁ বুলি মন্তব্য কৰি অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা , সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ -মৰ্যদা প্ৰতিষ্ঠা কৰা, কোচ ৰাজবংশী আৰু আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰন এইবাৰ মুল লক্ষ্য হ'ব বুলি মন্তব্য কৰিছে।

নৱ কুমাৰ শৰণীয়াক ৰাজনৈতিক ভাৱে শ্বহীদ কৰাৰ চেষ্ঠা চলিছে বুলি অভিযোগ কৰি সাংসদ গৰাকীয়ে ইয়াৰ উত্তৰ ৰাজনৈতিকভাৱে দিয়া হ'ব বুলি প্ৰকাশ কৰিছে । তদুপৰি নৱ কুমাৰ শৰণীয়াই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা ঘনশ্যাম দাসৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু সকলো ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰি জিএচপিৰ প্ৰাৰ্থী বিনীতা ডেকাক জয়যুক্ত কৰাবলৈ আহ্বান জনাইছে । উল্লেখ্য যে আজি সাংসদ নৱ কুমাৰ শৰণীয়াৰ সতে কোকৰাঝাৰ লোজসভাৰ প্ৰাৰ্থী বিনীতা ডেকাও উপস্থিত আছিল ।

Also Read: প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণ জ্যোতি আৰু ভূপেন বৰাৰ

loksabha election