প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণ জ্যোতি আৰু ভূপেন বৰাৰ

প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণ জ্যোতি আৰু ভূপেন বৰাৰ

author-image
Asomiya Pratidin
New Update
প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণ জ্যোতি আৰু ভূপেন বৰাৰ

ডিজিটেল সংবাদ,বটদ্ৰৱা: "তিনি দিনৰ পিছতে দুই সাম্পদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'ব নগাঁও লোকসভা সমষ্টিৰ ৰাইজ" এই মন্তব্য নগাঁও লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।

Advertisment
  User
User

সোমবাৰে নগাঁও লোকসভাৰ ধিং সমষ্টিৰ ডুমডুমীয়া বজাৰত এখন নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে, "আই এ ইউ ডিএফৰ তলা ছাবিৰ তিনিটা চাবিৰ এটা অমিত শ্বাহৰ হাতত, এটা হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু মামৰে ধৰা চাবিটো আজমলে নিজৰ লগত ৰাখিছে।"

সমষ্টিটোৰ আলিটাঙনী, ধিং, আৰু বটদ্ৰৱাৰ প্ৰায় ২০ সহস্ৰাধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত প্ৰদ্যুৎ বৰদলৈয়ে এ আই ইউ ডি এফ আৰু বি জে পি দলক সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰে। তেওঁ বি জে পি -এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰি বক্তব্য দাঙি ধৰে।

  User
User

নিৰ্বাচনী সভাখনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈ আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই উপস্থিত থাকি এআইইউডিএফ আৰু বিজেপিক এটা টকা ইপিঠি সিপিঠি বুলি আৰু সাম্প্ৰদায়িক দল আখ্যা দি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ভোট দি ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰাৰ বাবে আহ্বান কৰে।

সভাত ভাষন প্ৰসংগত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, "আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত পদূলিয়ে পদূলিয়ে চৰকাৰ আছিল, কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে পদূলিয়ে পদূলিয়ে মদৰ দোকান খুলি নৱপ্ৰজন্মক ধ্বংস কৰিছে।"

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে কয় যে, চৰকাৰ সাধাৰণ মানুহৰ বাবে হ'ব লাগে, চৰকাৰ বিজেপি নেতাৰ ছিণ্ডিকেটৰ বাবে হ'ব নালাগে। লগতে বিজেপি চৰকাৰৰ দুৰ্নীতি চিণ্ডিকেটৰ বিৰুদ্ধে ৰাইজ সজাগ হৈ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিপুল ভোটত জয়লাভ কৰিবলৈ আহ্বান জনায়।

Also Read: নগাঁৱত নিৰ্বাচনী পৰিস্থিতিৰ বুজ ল'লে ৰাজ্যিক মুখ্য নিৰ্বাচনী অনুৰাগ গোৱেলে

loksabha election