/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/524bbc7a-9a01-4d86-b7ec-08032bddffc2/agranii.jpg)
bilasipara
ডিজিটেল সংবাদ, বিলাসীপাৰা : বিলাসীপাৰা চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ স্বামী বিবেকানন্দ পাৰ্কৰ সন্মুখত প্ৰায় ৫৮০ মিটাৰ পথটো কোনোধৰণৰ নিবিদা আহ্বান নকৰাকৈ নীতি নিয়ম বহিৰ্ভূত ভাবে ধনৰ বিনিময়ত গোপন বুজাবুজিৰে পথ নিৰ্মাণ কৰা কাৰ্যৰ বাবে বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি মনালিচা দাসৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
কোনধৰণৰ পৰিকল্পনা, অনুমান তথা নলা অবিহনে পথৰ কাম কৰাৰ বাবে স্থানীয় লোকে পৌৰপতিৰ বিৰুদ্ধে সৱৰ হৈ পৰাত পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া ৰূপকমল ৰাভাই আজি তৎকালিনভাৱে পথটোৰ মেৰামতিৰ কাম বন্ধ কৰাৰ বাবে আদেশ জাৰি কৰে বুলি কাৰ্যবাহী বিষয়াই জানিবলৈ দিয়ে।
ইতিমধ্যে উল্লেখ্য যে চহৰৰ আন আন অঞ্চল যেনে বজাৰকে ধৰি বসতি এলেকা সমূহ পৰিষ্কাৰ আৰু স্বচ্ছতাৰ বিপৰীতে কদৰ্য ৰূপ পৰিলক্ষিত হৈছে। পৌৰপতি মনালিচা দাসে বিলাসীপাৰা পৌৰসভা এলেকাত স্বচ্ছতা অভিযানত ব্যৰ্থ হোৱা বুলি বিলাসীপাৰাৰ সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।
আৰু পঢ়ক : দক্ষিণ চাপৰি উ: মা: বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হেমপ্ৰভা গগৈ বড়াক বিদায় সম্বৰ্ধনা...