দক্ষিণ চাপৰি উ: মা: বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হেমপ্ৰভা গগৈ বড়াক বিদায় সম্বৰ্ধনা...

dhakuakhana
dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা অঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান দক্ষিণ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষয়িত্ৰী, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ২০২২ বর্ষৰ লখিমপুৰ জিলা কৃতি শিক্ষয়িত্ৰী বঁটা প্ৰাপক হেমপ্ৰভা গগৈ বড়াই যোৱা ৩০ নৱেম্বৰত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। 

বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে অঞ্চলবাসী ৰাইজ আৰু বিদ্যালয় পৰিয়ালৰ নিৰন্তৰ সহযোগিতাত শিক্ষানুষ্ঠানখনক নব্য গতিশীলতা প্ৰদান কৰিবলৈ সক্ষম হোৱা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গগৈ বড়াৰ সফল কাৰ্যকালৰ অন্তিম ক্ষণত বিদ্যালয় পৰিয়ালে বৃহস্পতিবাৰে অৱসৰকালীন শ্রদ্ধাশীল সম্বৰ্ধনা জনায়। বিদ্যালয় প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় সম্বৰ্ধনা সভা।

প্ৰবীণ শিক্ষাবিদ  ডিম্বেশ্বৰ দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল কোঁচে। বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা পৰিবেশিত এটা শ্ৰুতিমধুৰ বৃন্দ গানেৰে শুভাৰম্ভ হোৱা সভাত উপস্থিত থাকে বিশিষ্ট অতিথি শিক্ষাবিদ দীপ দত্ত, বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি হৰিচন্দ্ৰ বৰুৱা , প্ৰাক্তন সভাপতি তোছিল দলে, সদৌ অসম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগু, হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল আৱাল খান, বাসুদেৱ থান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গংগেশ্বৰ বৰুৱা , অন্যান্য বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক আৰু কৰ্মচাৰী সকল , সমাজকৰ্মী তিলেন বৰুৱা, যতীন বৰুৱা, প্ৰাক্তন ছাত্ৰ প্ৰদীপ বৰুৱা, অভিভাৱক ,ছাত্ৰ একতা সভাৰ সম্পাদক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ৰাইজ।

সভাত বিদ্যালয়খনত ১৯৮৪ চনত হিন্দী শিক্ষক হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত স্নাতক শিক্ষক হিচাপে উন্নীত হৈ ৩৮ বছৰ গুণগত শিক্ষকতাৰ সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা প্ৰধান  শিক্ষয়িত্ৰী গৰাকীৰ নিয়মানুৱৰ্তীতা , কঠোৰ অনুশাসন ব্যৱস্থা , সৰ্বজন গ্ৰাহ্য শিকন পদ্ধতি আৰু আত্মোৎসৰ্গি মনোভাৱক উপস্থিত বিভিন্ন বক্তাই একেমুখে শলাগ লয়। কেইবা শতাধিক ৰাইজ উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গৰাকীক গামোচা, সঁফুৰা ,জাপি ,ছাতি, ধৰ্মগ্ৰন্থ ,পাতৰ বস্ত্ৰ ,গ্ৰন্থ সম্ভাৰ আৰু বহু সংখ্যক সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই অনাগত সময়তো বিদ্যালয় পৰিয়ালৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে সংপৃক্ত হৈ থকাৰ আহ্বান জনায়।

সভাত অৱসৰী শিক্ষয়িত্ৰী গৰাকীয়েও বক্তব্য ৰাখি কৰ্মজীৱনৰ অম্ল মধুৰ অভিজ্ঞতাৰ  বৰ্ণনাৰে বিগত সময়ৰ দৰেই অনাগত সময়তো উৎকৃষ্ট মানৱ সম্পদ গঢ়াত বিদ্যালয়খনে সফলতাৰ মুখ দেখি যাব বুলি আশা প্ৰকাশ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in