বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ নতুন ভৱন উদ্বোধন কৰে ৰণোজ পেগুৱে...

ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ নতুন ভৱন, ড০ বাণীকান্ত কাকতি ডিজিটেল গ্ৰন্থাগাৰ আৰু নৃপেন্দ্ৰ নাৰায়ণ চৌধুৰী পাঠাগাৰ উদ্বোধন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে
ranoj pegu
ranoj pegu

ডিজিটেল সংবাদ, বিলাসীপাৰা : অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে শনিবাৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ নতুন ভৱন, ড০ বাণীকান্ত কাকতি ডিজিটেল গ্ৰন্থাগাৰ আৰু নৃপেন্দ্ৰ নাৰায়ণ চৌধুৰী পাঠাগাৰ উদ্বোধন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি ড০ পেগুৱে কয় যে ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিযোগিতামূলক পৰিৱেশত নিজক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব আৰু গভীৰভাৱে অধ্যয়নত মনোনিবেশ কৰিব লাগিব।

গ্ৰন্থাগাৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে এখন ৰাজহুৱা সভাৰো আয়োজন কৰা হয়। এই সভাত অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ সন্মানিত ডক্টৰেট অশোক কুমাৰ সিংঘী, বিলাসীপাৰা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৌতম চৌধুৰী, বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিশ্বজিৎ বিশ্বাস, অসম চৰকাৰৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া, বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক তথা পৰিৱেশ অধ্যয়নৰ অধ্যাপক ড০হৰিচৰণ দাসকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in