নামনি সোৱণশিৰিৰ প্ৰকল্পস্থলীত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত অভিযন্তা...

নামনি সোৱণশিৰিৰ প্ৰকল্পস্থলীত সংঘটিত হয় মৰ্মান্তিক ঘটনা
subansiri
subansiri

ডিজিটেল ডেস্ক : নামনি সোৱণশিৰিৰ প্ৰকল্পস্থলীত সংঘটিত হয় মৰ্মান্তিক ঘটনা ৷ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত পাৱাৰ হাউচৰ নিৰ্মাণৰ দায়িত্বত নিয়োজিত অভিযন্তা ৷ নিহত চাৰ্ভিচিং অভিযন্তা গৰাকীৰ নাম সৌৰভ ৰয় ৷

সৌৰভ ৰয়ৰ ঘৰ কলকতাত ৷ এখন মটৰ বাইকৰে প্ৰকল্পস্থলীলৈ গৈছিল অভিযন্তা গৰাকী ৷ বৃহৎ নদী বান্ধ প্ৰকল্পৰ প্ৰৱেশ পথত ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত ডাম্পাৰে অভিযন্তা গৰাকী মহতিয়াই লৈ যায় ৷

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in