ই-ৰিক্সাত খুন্দা সুৰামত্ত চালকৰ, আহত কেইবাজনো

বিলাসীপাৰাৰ হালং বজাৰত বৃহস্পতিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্রবেগী ইয়ন বাহনে মহটিয়াই নিয়ে এখন ই-ৰিক্সাক।

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

ডিজিটেল ডেস্কঃ বিলাসীপাৰাৰ হালং বজাৰত বৃহস্পতিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্রবেগী ইয়ন বাহনে মহটিয়াই নিয়ে এখন ই-ৰিক্সাক।

Advertisment

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৭গৰাকীকৈ যাত্রী। ইতিমধ্যে আহতসকলক বিলাসীপাৰা আদৰ্শ চিকিৎ‍সালয়ত ভৰ্তি কৰোৱা হৈছে।

ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইয়নখনৰ চালকে অত্যধিক সুৰাপান কৰাৰ বাবেই সংঘটিত দুৰ্ঘটনা হোৱা বুলি ধাৰণা কৰা হৈছে। চালকক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: কাজিৰঙাত পৰ্যটকৰ ভিৰ! নানন্দিক দৃশ্যই আপ্লুত কৰিছে সকলোকে...

road accident