/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/bikhekh-Pratibedon-.jpg)
ৰাজ্যত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। বিশষকৈ যুৱ প্ৰজন্মৰ মাজত অধিক হাৰত বৃদ্ধি পাইছে এই প্ৰৱণতা। মানসিক ৰোগত আমি ভুগো আৰু ইয়াৰ পৰা ওলাই অহাত আমাক বিভিন্ন কাৰকে আমাক সহায় কৰে। ইয়াক চিনাক্ত কৰাতো অতি জৰুৰী। জীৱন এটাই। আমি কেনেদৰে দূৰত থাকিব পাৰিম এটা বিকৃত চিন্তা ধাৰাৰ পৰা। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন…
"জীৱন এটাই। পুনৰ জন্মত মই বিশ্বাস নকৰো । আকৌ এবাৰ জীৱনটো পাম বুলি ভৱাটো মুৰ্খৰ কাম হ'ব । জীৱনটোত বহু সমস্যা আছে কিন্তু ইয়াৰ সমাধানো আছে। সমাধান বিচাৰি নাপালে আনৰ সৈতে ভগাই লওক।তেতিয়া মানসিক চাপ কমি যায়।কেতিয়াবা আমি দ্বিতীয়জনৰ লগত মনৰ কথা পাতোতেই সমস্যাৰ সমাধান বিচাৰি পাঁও। আৰু কেতিয়াবা দ্বিতীয়জনে আমাক সহায় কৰে সমাধান বিচৰাত। সেই দ্বিতীয়জন আমাৰ বন্ধু, পৰিয়ালৰ কোনো লোক বা এজন মনো চিকিৎসকো হ'ব পাৰে। কেৰিয়াৰ,প্ৰেম এইবোৰ জীৱনৰ অংশ ,জীৱন নহয়"- এই মন্তব্য মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তৰ।
বিগত কেইটামান বছৰৰ পৰা ৰাজ্যত অধিক হাৰত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা। কেইদিনমান পূৰ্বে অসম আৰক্ষীয়ে দাঙি ধৰা তথ্য অনুসৰি গুৱাহাটী মহানগৰীত ২০১৩ চনত ২২২টা আত্মহত্যাৰ ঘটনা, ২০১৪ চনত ২২০টা,২০১৫ চনত ২৪১টা, ২০১৬ চনত ২২৭টা , ২০১৭ চনত ২৮৯টা, ২০১৮ চনত ২৮৭টা, ২০১৯ চনত ২৫৪টা, ২০২০ চনত ২৭৭টা আৰু ২০২১ চনত ৪১৪ টা আত্মত্যাৰ ঘটনা সংঘটিত হয়।
এয়া তথ্য কেৱল গুৱাহাটী মহানগৰীৰ। কেইমাহমান পূৰ্বে অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা তথ্য অনুসৰি বিগত ১০ বছৰত অসমত প্ৰায় ২৮০৫৬ জন লোকে আত্মহত্যাৰ পথ বাছি লৈছে। এই তথ্য অতি উদ্বেগজনক।
ৰাজ্যত বৃদ্ধি হোৱা আত্মহত্যাৰ ঘটনাক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষীও। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই দুটা হেল্প লাইন নম্বৰ ৬০২৬৯০০৫৭৪, ৬০২৬৯০০৫৫২ মুকলি কৰে। কোনো লোক হতাশাত ভুগিলে বা কিবা সহায় বিচাৰিলে এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই মহন্তই।
আজিৰ দিনত মানসিক ৰোগ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা বা এই সম্পৰ্কে মুকলিকৈ চৰ্চা কৰাতো অতি জৰুৰী হৈ পৰিছে। মানুহক মানুহৰ প্ৰয়োজন হৈ পৰিছে। এতিয়া বহু লোক নিসংগতা ভুগে কিন্তু এই সন্দৰ্ভত আলোচনা কৰিবলৈ অভাৱ হয় মানুহৰ।
কিন্তু কিহৰ বাবে বৃদ্ধি পাইছে আত্মহননৰ ঘটনা। শাৰীৰিক ৰোগৰ দৰে মানুহে মানসিক ৰোগতো ভুগে। কিন্তু বহু সময়ত একাংশই কিছুমান চৰম পন্থা বাছি লোৱা দেখা যায়। এই সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তই কয় যে ইয়াৰ কাৰণ তিনিটা ভাগত ভাগ কৰিব পাৰি।
দত্তৰ মতে মানুহে হতাশাত ভুগাৰ মূল কাৰণৰ ভিতৰত এটা হ'ল জৈৱিক কাৰণ। তেওঁ কয় যে জৈৱিক কাৰণত আমি হতাশাগ্ৰস্ততা, উদ্বিগ্নতা বা ৰাগিয়াল বস্তু সেৱৰ কথা ক'ব পাৰো। এই আটাইবোৰ সমস্যাতে মস্তিষ্কৰ ভিতৰত কিছুমান ৰাসায়নিক পদাৰ্থৰ তোলপাৰ হয় যাৰ ফলত আত্মহননৰ প্ৰৱণতা বাঢ়ে।
তদুপৰি মনোস্তাত্বিক কাৰণো হ'ব পাৰে আত্মহননৰ কাৰণ। তাৰ ভিতৰত আজিকালিৰ লৰা ছোৱালীক লালন পালনৰ কথা উল্লেখ কৰে দত্তই ।তেওঁ কয় যে বৰ্তমান যুগৰ লগত খাপ খাব পৰাকৈ পিতৃ মাতৃ বা শিক্ষক-শিক্ষয়িত্ৰীয়ে জীৱাই থকাৰ কৌশল বিলাক যেন বুজাব পৰা নাই। বহু সময়ত কৰ্মব্যস্তাৰ মাজত সন্তানক সময় নিদিয়ে যাৰ বাবে টেলিভিশ্যন, ইন্টাৰনেটৰ পৃথিৱীলৈ গুচি যায়। কিন্তু সমস্যা সমাধান কেনেদৰে কৰিব, বিবাদ মীমাংশা কেনেদৰে কৰিব, নিজৰ মনৰ আৱেগ অনুভতি নিয়ন্ত্ৰণত কেনেদৰে ৰাখিব, মনৰ ভাৱ কেনেদৰে কাক ক'ব এই বিষয়ে নিশিকাই। একাংশৰ মনত বাস্তৱ জীৱনত সৰু সৰু সমস্যাৰ সন্মুখীন হ'লেই মোকাবিলা কৰিবলৈ কৌশল নাই। যাৰ ফলত পলায়নবাদ মনোভাৱ গঢ় লৈ উঠিছে।
আজি মানুহক মানুহৰ অভাৱ। যাৰ বাবে মূল্যবোধৰো অৱক্ষয় ঘটা দেখা যায়।আজিকালি নাই যৌথ পৰিয়াল, নাই ককা আইতাৰ সাধু য'ত সমূল্যবোধ ভৰপুৰ আছিল। কেতিয়াবা পৰিকল্পিত ভাৱে নহয় ক্ষন্তেকীয়া আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত লোৱা দেখা যায় বহুতে। গতিকে আনৰ লগত কথা পতা নিজৰ মনৰ ভাৱ ব্যক্ত কৰা অতি জৰুৰী।
দত্তই কয় যে সামাজিক কাৰণতো বহুতে আত্মহননৰ পথ বাছি লোৱা দেখা যায়। আজিৰ দিনত কাৰোবাৰ মন বেয়া লাগিলে কথা পাতিবলৈ নাই। ভাৰ্চুৱেল বন্ধুকে আপোন বুলি ভাৱি লয় কিন্তু বহু ক্ষেত্ৰত কথা পাতিবলৈ অভাৱ হয় আপোনজনৰ। তেতিয়াই মনত কথাবোৰ জমা হয় আৰু কাকো ক'ব নোৱাৰি মানসিক ৰোগত ভুগে।
উল্লেখ্য যে, আজিৰ যুৱ প্ৰজন্ম ছ'চিয়েল মিডিয়াৰ লগত বহু জড়িত হৈ পৰা দেখা যায়। এই সন্দৰ্ভত সংগীতা দত্তই কয় যে ছ'চিয়েল মিডিয়া দায়ী কিন্তু আধুনিক প্ৰযুক্তি আমাৰ জীৱনৰ অৱিচ্ছেদ্য অংগ। কেনেকৈ ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰি আমি তাত গুৰুত্ব দিব লাগিব। ছ'চিয়েল মিডিয়া ত্যাগ কৰিব দিয়াটো গ্ৰহণ যোগ্য নহয়।কিন্তু ভালকৈ কেনেদৰে ব্যৱহাৰ কৰিব পাৰি বা ইয়াৰ মূল্য উদ্দেশ্য কি ইয়াৰ সজাগতাৰ অভাৱ। আধুনিক প্ৰযুক্তিয়ে মানুহৰ জীৱন উন্নত কৰে কেৱল ইয়াৰ সঠিক ব্যৱহাৰ জৰুৰী।
সমাজখন ক্ষীপ্ৰ গতিত পৰিৱৰ্তন হৈছে কিন্তু কোনোবা এটা ক্ষেত্ৰত এতিয়াও আমি শিকা নাই সময়ৰ লগত খোজ মিলাই কেনেদৰে আগবাঢ়িব।দত্তই কয় যে এতিয়াও মানসিক ৰোগী এগৰাকী চিকিৎসকলৰ ওচৰলৈ আনক নোকোৱাকৈ আহে । কাৰণ ভাৱে যে তেওঁক পগলা বুলি ক'ব।এই ভ্ৰান্ত ধাৰণাই যুগ যুগ ধৰি চলি অহা বুলি উল্লেখ কৰি দত্তই কয় যে সাধাৰণ বেমাৰ হ'লে যেনেদৰে চিকিৎসকৰ ওচৰলৈ যোৱা হয় ঠিকতেনেদৰে মানসিক চাপ বা ৰোগকো গুৰুত্ব দিয়া প্ৰয়োজনীয়।
অৱশ্যে আজিকালি বহু লোকে মনো চিকিৎসক বা, মনোবিশেষজ্ঞৰ ওচৰত যাবলৈ কুণ্ঠাবোধ নকৰে। হয়তো যিমান হাৰত সজাগতা হ'ব লাগিছিল সিমান হাৰত হোৱা নাই বুলি উল্লেখ কৰে মনো বিশেষজ্ঞ গৰাকী।
সংগীতা দত্তই কয় যে মানসিক চাপত ভুগিলে ফুৰা চকা কৰিব লাগে,ভাল খাদ্য খাব লাগে, বা কেতিয়াবা ভাল চিনেমা, গান বা কিতাপৰ সহায় লব লাগে। সকলোকে নেতিবাচক চিন্তা ধৰাণাৰ পৰা দূৰত থাকিবলৈ দি সংগীতা দত্তই কয় যে মানসিক স্বাস্থ্য উন্নত কৰিবলৈ ইতিবাচক চিন্তা কৰিব লাগে। শাৰীৰিক ব্যায়ম, ধ্যান আদিৰ জৰিয়তেও নিজৰ মনক শান্ত ৰাখিব পাৰি। মানসিক ৰোগ চৰ্চাৰ বিষয় হ'ব লাগে। ইয়াৰ চিকিৎসা আছে আৰু আমি ইয়াৰ সমাধান পাব পাৰো।
জীৱনৰ মূল্য আমি শিকাতো অতি দৰকাৰ। জীৱন এটাই। জীৱনত সুখ-দুখ, প্ৰাপ্তি- অপ্ৰাপ্তি সকলো থাকে। আমি তাক গ্ৰহণ কৰিব জানিব লাগিব। সুখৰ দৰে দুখো জীৱনৰে এক অংশ। কোনোবাই যদি বিশাল অট্টালিকাত থাকি সুখ লাভ কৰিছে কোনোৱে আকৌ উৰুখা পজাতে সুখ লাভ কৰিছে। সুখ মানেই হৈছে মানসিক শান্তি। যি কামেৰেই মানসিক শান্তি লাভ কৰা যায় সেইবোৰৰ মাজেৰেই সুখবোৰ বৈ আহে স্বতস্ফুৰ্তভাৱে।
সাতোৰঙী ৰামধেনুৰ বাবে যি দৰে বৰষুণ আৰু ৰ'দ দুয়োটাৰে দৰকাৰ ঠিকতেনেদৰে ভাল জীৱন যাপন কৰিবলৈ সুখ আৰু দুখৰ প্ৰয়োজন। সেয়ে সুখ বোৰ আদৰি লওক আৰু দুখবোৰ আঁতৰাই পঠাওক। পিতৃ-মাতৃ, আত্মীয়, বন্ধু বৰ্গৰ লগত মনৰ কথা পাতক। সুখেৰে থাকক… সুখী হওঁক আপোনালোক…