লকআপত শিৱ! মুখ্যমন্ত্ৰীয়ে ক’লে, এৰি দিলে…

লকআপত শিৱ! মুখ্যমন্ত্ৰীয়ে ক’লে, এৰি দিলে…

মৃদুল কুমাৰ সন্দিকৈ

কেতিয়াবা যদি ভগৱান, আন কেতিয়াবা আল্লা।  মানুহে ভগৱান বা আল্লাক বেছিকৈ ভাল পাব লৈছে নে ভগৱান বা আল্লাই মানুহক বেছি মোহিত কৰিছে।

কেতিয়াবা মানুহে আচৰিত হৈ, বিপদত পৰি কয়- হে ভগৱান! নতুবা হুমুনিয়াহ কাঢ়ি বিপদত পৰিলে নেদেখাজনক স্মৰণ কৰি সোধে- হে হৰি কি কৰো!

ভগৱান, ধৰ্ম, ৰাজনীতি সকলো এতিয়া একাকাৰ হৈছে। হঠাৎ ভগৱান প্ৰেমী কিছু লোকৰ আৱিৰ্ভাৱে ভগৱানক লৈয়ে নতুন সমস্যাৰ সৃষ্টি কৰিছে। আল্লাৰ অত্যাধিক প্ৰীতিয়ে মানুহক অমানুহ কৰিছে।

ভগৱান আছে নে নাই সেয়া পৃথক বিষয়, আল্লা ক'ত সেই কথা নজনাকৈয়ে আমি নিজৰ উপাস্য জনৰ পাছত এনেকৈ দৌৰিছো যে তথ্য প্ৰযুক্তিয়ে আমাক এটা বেলেগ স্তৰলৈ লৈ যোৱাৰ পাছতো এই কথাবোৰক লৈ আমি জোখতকৈ বেছি ব্যস্ত হৈ পৰাতোৱেই এক ডাঙৰ সমস্যা হৈছে।

কোনোবাই ইশ্বৰক বিশ্বাস কৰে, কোনোবাই আল্লাক মানে। সেই বহুৰূপী ইশ্বৰত্বৰ মাজত কি পাৰ্থক্য থাকিব পাৰে? জীৱন যাপন কৰোতে মানি চলিব লগা নিয়ম বোৰ তেনে এক ধাৰণাক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।

ভগৱানে ৰাজনীতি নকৰে, আল্লাই ৰাজনীতি কৰিব নাহে। তেওঁলোকক আমি ৰাজনীতিৰ মাজলৈ টানি আনো। সেই ৰাজনীতিত সাম্প্ৰদায়িকতাৰ বিষবাষ্প ছটিয়াই সাধাৰণ লোকসকলৰ মাজলৈ সেই বাৰ্তা এনেদৰে প্ৰেৰণ কৰা হয় যে সাধাৰণ লোকসকলৰ ত্ৰাণকৰ্তা ভূমিকা লৈ বহুতে ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰে।

এখন চৰ্চিত ছবি আছিল 'অ' মাই গড'।  কাঞ্জিলাল নামৰ ব্যৱসায়ী জনৰ নাস্তিকতা আৰু ধৰ্মৰ বেপাৰী সকলৰ ইশ্বৰ বা ভগৱানৰ মাজৰ সংঘাত তুলি ধৰা হৈছিল।

মানুহক প্ৰভান্বিত কৰিব পাৰি। যেনেকৈ ধৰ্মীয় সভাত অংশ লোৱা পৰিয়ালৰ লোকক সভাৰ পৰা ঘৰলৈ পঠাবৰ বাবে অতি কৌশলেৰে ভগৱানে গাখীৰ খোৱা মিছা খবৰ দি মানুহবোৰ সভাৰ পৰা খেদিছিল।

এতিয়া ধৰ্মৰ বেপাৰ হয়, ইশ্বৰ, আল্লাক বেছা কিনা কৰা হয়। সেইবোৰ অতি পৰিকল্পিতভাৱে কৰোতে প্ৰকৃত ভক্ত সকলে মনত আঘাত পায়। কিছুমানে ইয়াৰ অন্তৰালৰ কাহিনী বুজি নাপাই। নেতা, ধৰ্মীয় নেতাই যি কয় তাকেই মানি লৈ উত্ৰাৱল হৈ পৰে।

নগাঁৱত শেহতীয়াকৈ সংঘটিত এক প্ৰতিবাদ আৰু ধৰ্মীয় চেতনাৰ সৈতে শিৱ ৰূপী এক চৰিত্ৰৰ জৰিয়তে সনাতন ধৰ্মত আঘাত হনাৰ যি খবৰ বিয়পি পৰিল সেই খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনোৱে টুইট কৰি শুধিলে এইবোৰ কি হৈছে? আৰক্ষীয়ে এচাম দল-সংগঠনৰ অভিযোগৰ ভিত্তিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা শিৱ ৰূপী যুৱক জনক গ্ৰেপ্তাৰ কৰি এক ৰাতি লকআপত ভৰাই থ'লে।

এইবাৰ যেন 'অ' মাই গড' নগাঁৱৰ ৰাজপথত বাস্তৱত মঞ্চস্থ হ'ল। মূল্যবৃদ্ধইয়ে কোঙা কৰা ৰাজ্যখনত ব্যাঙ্গাত্মক ৰূপত জটাধাৰী হৈ প্ৰতিবাদ সাৱ্যস্ত কৰা  বিৰিঞ্চি বৰুৱাক ভয় ভাবুকি দিয়াই নহয় থানাত ভৰাই তেওঁলোকৰ ক্ষমতাৰ উমান দিলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰজুৰি হোৱা এই প্ৰতিক্ৰিয়াত এখন বাটৰ নাটক লৈ টুইটাৰ যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লগা হ'ল। মুখ্যমন্ত্ৰীয়ে লিখিলে –I agree with you @NavroopSingh_ that Nukad Natak on current issues is not blasphemous. Dressing up is not a crime unless offensive material is said. Appropriate order has been issued to @nagaonpolice.

তাৰমানে নগাঁও আৰক্ষীয়ে ভুল কৰিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিৰিঞ্চি বৰাক মুকলি কৰি দিব লগা হ'ল। সেই সকলে এতিয়া কি ক'ব? যি সকলে এই প্ৰতিবাদক নায্যতা প্ৰদান কৰিব পৰা নাছিল।মুখ্যমন্ত্ৰীয়ে কিন্তু সেই নায্যতা প্ৰদান কৰিলে।

সকলোতে কিয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ লাগে? এনেকৈ কি প্ৰশাসন চলিছে? ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনৰ ব্যৰ্থতা স্বীকাৰ কৰি ক্ষমা বিছাৰিছিল। খোদ আৰক্ষী অধীক্ষকক মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছিল আপুনি আৰক্ষীৰ পোচাক পৰিধানৰ যোগ্য নহয়।

বিনিত বাদাৰীয়া নামৰ যুৱকজনৰ আত্মহত্যাক লৈ মুখ্যমন্ত্ৰীয়ে হাতযোৰ কৰিলে।  আৰক্ষীক কোৱাৰ পাছতো এজন উদীয়মান যুৱকক তিনিজন যুৱকৰ পৰা সুৰক্ষা দিব নোৱাৰিলে। মুখ্যমন্ত্ৰীৰক ভাষাত- মই যি খিনি শুনিলো তাৰপৰা এইটো ক'ব পাৰো যে ডিব্ৰুগড় জিলা প্ৰশাসন এই ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। হাতযোৰ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- এই কৰুণ ঘটনাৰ বাবে মই অসমবাসীৰ ওচৰত ক্ষমা বিছাৰিছো।

মুখ্যমন্ত্ৰীয়ে পাহৰি গলে নহ'ব, গৃহ বিভাগৰ দায়িত্ব তেওঁৰ হাতত। জীৱনত ইমান লজ্জানত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কৈছিল এনে লাজ তেওঁ কেতিয়াও পোৱা নাই। সেই লাজ অপমানবোধ কৰা মুখ্যমন্ত্ৰীয়ে এনে এটা ঘটনা দেখিছে।

নগাঁও ঘটনাৰ বাবেও মুখ্যমন্ত্ৰীয়ে একেই লাজ অপমানবোধ কৰিব লাগে। প্ৰতিবাদ সাৱ্যস্ত কৰা এজন লোকক আটক বা গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে এক প্ৰকাৰৰ দাদাগিৰী কৰিলে।

মৰিগাঁৱৰ খৰাগোসাইবৰীত এতিয়াও কান্দোনৰ ৰোল মাৰ যোৱা নাই।কেইবাটাও মৃতদেহ উদ্ধাৰে হোৱা নাই। মুখ্যমন্ত্ৰী বৰ স্পৰ্শকাতৰ মানুহ। ডিব্ৰুগড়ৰ সেই পৰিয়ালটোক লগ কৰিছে খুব ভাল কৰিলে। একেই তৎপৰতাৰে মুখ্যমন্ত্ৰীয়ে  মৰিগাঁৱৰ সেই দুৰ্ভগীয়া পৰিয়াল কেইটাৰ কাষলৈও যাওক।

মুখ্যমন্ত্ৰীয়ে সেয়া নকৰিলে তেওঁক অৰাজনৈতিকভাৱে ভাল পোৱা বহুলোকে তেওঁ লাজ পোৱাৰ দৰে তেওঁকলৈও লাজ পাব। আৰু এই ইশ্বৰৰ নামত ৰাজনৈতিক ভণ্ডামিৰে সক্ৰিয়তা প্ৰদৰ্শন কৰা সকলকলৈও মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ লাজ পোৱা উচিত।

এখন গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ কাঢ়ি নিয়া নগাঁও আৰক্ষীৰ ভুৱা এনকাউন্টাৰত এজন প্ৰাক্তন আছু নেতা ঘূণীয়া হোৱা, কা- আন্দোলন কৰিবলৈ যোৱা এটা কিশোৰক গুলীয়াই হত্যা কৰা, বানপানীত ককবকাই থকা লোকসকলে এটুপি খোৱা পানী, অলপ খাদ্যৰ বাবে হাহাকাৰ কৰা বাবেও মুখ্যমন্ত্ৰীয়ে লাজ পোৱা উচিত।

এইবোৰ দেখি ৰাইজে এতিয়া আন কিছু দৃশ্য দেখুৱাইছে সামাজিক মাধ্যমত। সেইবোৰ চোন ইয়াতকৈ ভয়ংকৰ। ভগৱানক লৈ ইমান তৰল খেল। মানুহৰ মুখত এতিয়া কেৱল এটাই কথা- 'অ মাই গড'। কি হৈ আছে এইবোৰ…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in