আজি তেজপুৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু ২৫ হাজাৰ মাননী...

আজি তেজপুৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু ২৫ হাজাৰ মাননী...
আজি তেজপুৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু ২৫ হাজাৰ মাননী...

ডিজিটেল ডেস্কঃ বিহুৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকডৰ্ছ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিহুৱা, বিহুৱতীসকলক আজি আনুষ্ঠানিক ভাৱে মানপত্ৰ আৰু মাননী প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেজপুৰত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীৰ লগতে বিহুৰ গীনিজ ৰেকৰ্ডৰ মানপত্ৰ আৰু মাননী প্ৰদান অনুষ্ঠানটো অংশগ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি তেজপুৰত কেইবাটাও উন্নয়মূলক কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব। সেই অনুসৰি দিনৰ ১২-৪৫ বজাত লিচু পুখুৰীত নৱনিৰ্মিত উদ্যানৰ শুভ উদ্বোধন কৰিব। ইয়াৰ পিছত ১-১০ বজাত তেজপুৰ চাৰ্চ ফিল্ডৰ মঞ্চৰ পৰা ভার্চুৱেলী শিলান্যাস কৰিব তেজপুৰ চ’ক বজাৰৰ নতুনকৈ নিৰ্মাণ কৰিবলগীয়া গৃহৰ।

ইায়াৰোপৰি তেওঁ তেজপুৰ হজৰাপুখুৰী সংহত ক্রীড়া প্রকল্প তথা তেজপুৰৰ জল প্রমুখ উন্নয়ন আৰু পক্ষী নিৰীক্ষণ স্তম্ভৰো শিলন্যাস কৰিব। তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধন প্রকল্পৰ শিলন্যাস কৰাৰ উপৰিও পৰোৱাত নিৰ্মাণ হ'বলগীয়া ১০০০ আসনযুক্ত প্রেক্ষাগৃহ প্রকল্পৰো শিলন্যাস কৰিব।

চাৰ্চ ফিল্ডৰ পৰা ভাৰ্চুৱেলী শিলন্যাস কৰিবলগীয়া এই আটাইকেইটা অনুষ্ঠানৰ লগতে ইয়াতেই আনুষ্ঠানিক ভাৱে বিহুৱা-বিহুৱতীক মানপত্ৰৰ লগতে পূৰ্বে ঘোষণা কৰা ২৫ হাজাৰকৈ টকা আগবঢ়াব।

আজি তেজপুৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু ২৫ হাজাৰ মাননী...
পলাতক অ' চি বিমান ৰয়ক বৰ্খাস্তঃ জি পি সিং আজি যাব নলবাৰীলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in