/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c7ee8b48-210c-4a83-85eb-76a8ae8f2ea5/5.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ হেঁপাহৰ ৰঙালী বিহু সমাগত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ৰঙালীক আদৰাৰ প্ৰস্তুতি। বিহুৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে নাচনী , ঢুলীয়াসকল। এই দৃশ্য ৰঙিয়া শিৱ মন্দিৰ বাকৰিৰ। সন্দ্বীপ কলিতা সমন্বয় কলাকেন্দ্ৰৰ উদ্যোগত ৬দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহু নাচ, জেং বিহু আৰু ঢোল বাদনৰ কৰ্মশালা। কৰ্মশালাত তিনি শতাধিক ডেকা -গাভৰুৰ লগতে কণ কণ শিশু সকলেও অংশগ্ৰহণ কৰে।
ৰঙিয়াৰ জনপ্ৰিয় বিহুৱা বিজয় ভৰালীৰ নেতৃত্বত মুখ্য প্ৰশিক্ষক বিহু ৰাণী নিভা বৰুৱাৰ লগতে অতিথি প্ৰশিক্ষক হিচাপে উপস্থিত আছে বিহুৰাণী- বিহু সাম্ৰাগী গায়ত্ৰী কোঁৱৰ আৰু পাহাৰী বৰুৱা কাকতী। কলম্বীয়াৰ পৰা অহা তিনিগৰাকী পৰ্যটকেও এই কৰ্মশালাত অংশগ্ৰহণ কৰে। ঢোলৰ চেৱে চেৱে, পেপাৰ তালে তালে কৰা বিহু নৃত্যই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
Also Read: ঢেকিয়াজুলিত আৰক্ষীৰ সফলতাঃ ৫জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us